ASSAM TIMES POST
নিউজ ডেক্স
ধূমপানতকৈ অধিক ক্ষতিকাৰক হ’ল কণী৷ এই চাঞ্চল্যকৰ কথা জনাইছে নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ গৱেষকে৷ গৱেষকসকলে জনোৱা মতে কণী খালে ভাল আৰু বেয়া দুয়োটাৰে সম্পৰ্ক থাকে৷ কণীক লৈ কৰা গৱেষণাৰ পৰা জানিব পৰা গৈছে যে কণী খালে ধূমপানতকৈ বেছি ক্ষতি কৰে৷ ফলত অতীতৰ ধাৰণা এতিয়া সলনি হৈ পৰিছে৷
গৱেষণা মতে কণীত কলেষ্টৰলৰ মাত্ৰা অধিক৷ সেয়ে হৃদ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক থাকে৷ তদুপৰি উচ্চ মাত্ৰাত প্ৰ’টিন থকাৰ বাবে আৰ্থাৰাইটিছৰ আশংকা থাকে৷ সেয়ে গৱেষকসকলে যিমান পাৰি কণীৰ পৰা আঁতৰত থকাই ভাল বুলি কয়৷