কেইমাহমানৰ পূৰ্বে ডেকা-বুঢ়া পুৰুষ-মহিলা সকলো মানুহৰে চুলি হঠাতে ৰহস্যজনকভাৱে সৰিব ধৰিছিল। এই ঘটনাক কেন্দ্ৰ কৰি মহাৰাষ্ট্ৰৰ (Maharastra) বুলধনা জিলাৰ কেইবাখনো গাঁৱত আতংক বিয়পি পৰে।

উক্ত জিলাৰ কেইখনমান গাঁৱত এই ঘটনাটো নোহোৱা হোৱাৰ লগে লগে এইবাৰ নতুন আতঙ্কৰ বলি হয় গাঁওবাসী। এইবাৰ পোহৰলৈ আহিছে নখ ক্ষয়ৰ খবৰ। এই ঘটনাত গাঁৱৰ লোকসকল হতভম্ব হৈ পৰিছে।
স্থানীয় সূত্ৰ মতে, বুলধনা জিলাৰ চাৰিখন গাঁৱৰ পৰা এই অভিযোগ পোৱা গৈছে। ইতিমধ্যে ২৯ গৰাকী গাঁৱৰ লোক ইয়াত আক্ৰান্ত হৈছে। গাঁৱৰ মানুহে কয়, শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে নখত পচন ধৰিছে। কেৱল সেয়াই নহয়, কিছুমানৰ নখ টানিলেই উঠি আহিছে। এই খবৰ পোহৰলৈ অহাৰ লগে লগে জিলা স্বাস্থ্য বিভাগে তদন্ত আৰম্ভ কৰে।
জিলা স্বাস্থ্য বিষয়া অনিল বেংকাৰে সংবাদ সংস্থা পি টি আইক জনোৱা মতে, চাৰিখন গাঁৱত মুঠ ২৯ জন লোকৰ নখ খহি গৈছে। কিছুমান ক্ষেত্ৰত নখ নিজে নিজে সৰি পৰা বুলিও দাবী কৰা হয়।
প্ৰাথমিক চিকিৎসাৰ অন্তত আক্ৰান্ত গাঁওবাসীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। শ্বেগাঁৱৰ পঞ্চায়ত মুৰব্বী ৰাম থাৰ্কাৰে কয় যে বিগত দুদিন ধৰি এনে ঘটনাই গাঁওবাসীৰ মাজত আতংক বিয়পি পৰিছে। কাৰোবাৰ নখ নষ্ট হৈছে, কাৰোবাৰ নখ ভাঙিছে, কাৰোবাৰ নখ সৰি পৰিছে। স্বাস্থ্য বিভাগে তেওঁলোকৰ তেজৰ নমুনা লৈ গৈছে। অৱশ্যে এই ঘটনাৰ কাৰণ কি সেয়া স্পষ্ট হোৱা নাই বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে।
কিন্তু প্ৰথম অৱস্থাত এই পৰিঘটনাৰ কাৰণ হৈছে দেহৰ অতিৰিক্তভাৱে চেলেনিয়াম নামৰ ৰাসায়নিক পদাৰ্থৰ উপস্থিতি বুলি ধাৰণা কৰা হয়। ইয়াৰ বাবেই বুলধনা জিলাৰ কেইবাখনো গাঁৱৰ বাসিন্দা এই সমস্যাত পৰিছে বুলি অনুমান কৰা হৈছে। মাটিত অতিৰিক্ত চেলেনিয়াম বুলধনাত পোৱা গৈছিল। সেই মাটিত উৎপাদিত শস্যৰ যোগেদি মানুহৰ শৰীৰত ৰাসায়নিক পদাৰ্থ প্ৰৱেশ কৰে।
২০২৪ চনৰ ডিচেম্বৰৰ পৰা ২০২৫ চনৰ জানুৱাৰী মাহৰ ভিতৰত বুলধনাৰ ১৮খন গাঁৱৰ ২৭৯ জন লোকৰ চুলি সৰিছিল। কাৰণ আছিল শৰীৰত অতিৰিক্ত পৰিমাণৰ চেলেনিয়ামৰ উপস্থিতি। নখ নষ্ট হোৱাৰ আঁৰতো এয়াই কাৰণ নেকি? স্বাস্থ্য বিভাগে তাৰ তদন্ত অব্যাহত ৰাখিছে।