মধ্যপ্ৰদেশ (Madhya Pradesh)ৰ এখন আদালতে (court) ছয় বছৰীয়া শিশু (A six-year-old child)ক ধৰ্ষণ আৰু হত্যাৰ গোচৰ (Rape and murder cases)ত অভিযুক্তক মৃত্যুদণ্ডৰ শাস্তি (Death penalty for the accused) প্ৰদান কৰে। লগতে ৩ হাজাৰ টকাৰ জৰিমনাও বিহা হৈছে। যোৱা জানুৱাৰী মাহত এজন লোকে শুই থকা অৱস্থাত মাতৃৰ ওচৰৰ পৰা শিশুটি উঠাই নি হাবিলৈ লৈ যায় আৰু তাৰ পিছত ধৰ্ষণ কৰি হত্যাৰ অভিযোগ উত্থাপন হয়। ইয়াৰ পিছত মৃতদেহটো নদীত উটুৱাই দিয়ে।
ৰাজ্যিক আদালতত ন্যায়াধীশ তবচ্চুম খানৰ বিচাৰপীঠৰ সন্মুখত শুনানি গ্ৰহণ কৰা হয়। পক্সো (POCSO) আইন আৰু ভাৰতীয় ন্যায় সংহিতাৰ বিভিন্ন ধাৰাত আৰু সকলো প্ৰমাণ বিবেচনা কৰি অভিযুক্তক দোষী সাব্যস্ত কৰা হয়। শুকুৰবাৰে গোচৰৰ ৰায়দান কৰি ন্যায়াধীশে মৃত্যুদণ্ডৰ শাস্তি ঘোষণা কৰে। কেৱল সেয়াই নহয়, গোচৰ ৰুজু কৰাৰ ৮৮ দিনৰ ভিতৰত আদালতে এই ৰায় দি এক নজিৰ স্থাপন কৰে।

আনহাতে, শাস্তি ঘোষণা কৰাৰ পাছত ন্যায়াধীশ খানে নিৰ্ভয়া গোচৰৰ কথা উল্লেখ কৰি আদালতত কবিতাও আবৃত্তি কৰে। “মই নিৰ্ভয়া। হয়, আন এগৰাকী নিৰ্ভয়া। মোৰ এটা সৰু প্ৰশ্ন আছে। যিসকলে নাৰীক অপমান আৰু অসন্মান কৰে, তেওঁলোক পুৰুষ নে? নিৰ্ভয়াই যি ন্যায় পাইছিল, ময়ো সেই ন্যায় পামনে?”
ইফালে জিলা আৰক্ষী বিষয়া ৰাজকুমাৰে জনোৱা মতে, জেৰাৰ সময়ত অভিযুক্তই নিজৰ অপৰাধ স্বীকাৰ কৰে। ইয়াৰ পিছত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হয় আৰু বিচাৰ আৰম্ভ হয়। আনহাতে, আদালতৰ ৰায়ত সুখী শিশুটিৰ পৰিয়াল।