
বুধবাৰে ৱাকফ বিধেয়ক গৃহীত হোৱাৰ পাছত মণিপুৰক (Manipur) লৈ লোকসভাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। মাজনিশা বিৰোধীয়ে মণিপুৰক লৈ আলোচনাৰ দাবী উত্থাপন কৰে। লগতে ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ সিদ্ধান্তৰ বাবে কেন্দ্ৰীয় চৰকাৰক কঠোৰ শব্দৰে আক্ৰমণ কৰে। অৱশ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইয়াৰ ওপৰত স্পষ্টীকৰণ দিয়ে। লগতে লোকসভাত মণিপুৰ সন্দৰ্ভত প্ৰস্তাৱো গৃহীত হয়।

উল্লেখ্য যে উত্তপ্ত পৰিস্থিতিৰ বাবে ফেব্ৰুৱাৰী মাহত মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিঙে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। তাৰ পিছত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়া হয়। নিয়ম অনুসৰি যিকোনো ঠাইতে ৰাষ্ট্ৰপতিৰ শাসন জাপি দিবলৈ দুমাহৰ ভিতৰত সংসদীয় অনুমোদনৰ প্ৰয়োজন হয়। সেই প্ৰস্তাৱ বুধবাৰে গৃহীত হয়।
বুধবাৰে কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে কেন্দ্ৰক তীব্ৰ সমালোচনা কৰি কয় যে অগ্নিগৰ্ভা পৰিস্থিতিৰ সময়ত প্ৰধানমন্ত্ৰীয়ে এবাৰো মণিপুৰ ভ্ৰমণ কৰা নাই। তৃণমূলৰ সাংসদ ছায়নী ঘোষে কয়, “যিসময়ত মণিপুৰক লৈ সমগ্ৰ বিশ্ব চিন্তিত, যিসময়ত মহিলাক উলংগ কৰি ঘূৰাই ফুৰোৱা হৈছে, তেনে সময়ত প্ৰধানমন্ত্ৰীয়ে কোনো প্ৰতিক্ৰিয়া দেখুৱাব পৰা নাই।”
ইফালে বিৰোধীৰ তীব্ৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বক্তব্য, “দুটা জাতিৰ সংঘাতত মণিপুৰ উত্তপ্ত। এই বিষয়ে কেন্দ্ৰীয় চৰকাৰ যথেষ্ট সংবেদনশীল। বিৰোধীয়ে কেৱল ৰাজনীতি কৰিবলৈ মণিপুৰৰ বিষয়টো উত্থাপন কৰিছে।” অৱশেষত বিৰোধী আৰু চৰকাৰৰ মাজত তৰ্ক-বিতৰ্কৰ পিছত পুৱা ২.৪১ বজাত লোকসভা স্থগিত ৰখা হয়।












