
আৰম্ভ হৈছে মাত্ৰ এপ্ৰলি মাহ। চলি আছে চ’ত। কিন্তু বসন্তৰ আগমনতে গ্ৰীষ্মৰ দহনত অস্বস্তিত পৰিব লৈছে সাধাৰণ লোক। তাতোকৈ ডাঙৰ কথা, বতৰ বিজ্ঞান বিভাগে প্ৰকাশ (The Meteorological Department) কৰা মতে, এয়া মাত্ৰ আৰম্ভণিহে। এপ্ৰিলৰ পৰা আগন্তুক তিনিমাহলৈ (Next three months) তীব্ৰ উত্তাপ (Intense heat) অব্যাহত থাকিব (will continue)। উষ্ণতাৰ পৰা আৰম্ভ কৰি গ্ৰীষ্মপ্ৰৱাহৰ আশংকালৈকে সকলো স্বাভাৱিকতকৈ বেছি হ’ব। যাৰ বাবে চলিত বছৰত জনসাধাৰণৰ দুৰ্দশা বৃদ্ধি পাব।

শেহতীয়াকৈ বতৰ বিজ্ঞান বিভাগৰ মুৰব্বী মৃত্যুঞ্জয় মহপাত্ৰই কয় যে চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা জুন মাহলৈকে গ্ৰীষ্মপ্ৰৱাহৰ পৰিস্থিতি হ’ব। মূলতঃ ১৬খন ৰাজ্য তীব্ৰ গ্ৰীষ্মপ্ৰৱাহৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। এই ৰাজ্যসমূহত সৰ্বোচ্চ উষ্ণতা স্বাভাৱিকতকৈ বহু বেছি হ’ব। ন্যূনতম উষ্ণতাও স্বাভাৱিকতকৈ বেছি হ’ব।
বতৰ বিজ্ঞান বিভাগৰ মতে, এই তিনিমাহৰ ভিতৰত পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ছত্তীশগড়, পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, কৰ্ণাটক আৰু তামিলনাডুৰ কিছু অংশত স্বাভাৱিকতকৈ অধিক সময়লৈ গ্ৰীষ্মপ্ৰৱাহৰ পৰিস্থিতিৰ সন্মুখীন হৈ থাকিব।
গ্ৰীষ্মপ্ৰৱাহৰ অৱস্থা সাধাৰণতে গড়ে ৪ৰ পৰা ৭ দিনলৈকে থাকে। এইবাৰ উত্তৰ-পূব ভাৰত, মধ্য ভাৰত আৰু উত্তৰ-পশ্চিম ভাৰতৰ অধিকাংশ অঞ্চলত স্বাভাৱিকতকৈ ২-৪ দিন বেছি হ’ব পাৰে। উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, ছত্তীশগড়, ওড়িশাকে ধৰি কিছু ৰাজ্যত একেৰাহে ১০-১১ দিন গ্ৰীষ্মপ্ৰৱাহৰ সৃষ্টি হ’ব পাৰে।










