অপেক্ষা মাথোঁ আৰু দুটা দিনৰ। তাৰ পিছতে বাজি উঠিব বিশ্ব ক্ৰিকেটৰ আটাইতকৈ ৰোমাঞ্চকৰ, ব্যয়বহুল আৰু গ্লেমাৰাছ ক্ৰিকেট লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (Indian Premier League)ৰ ৰণডংকা। কিন্তু আই পি এল আৰম্ভ হোৱাৰ দুদিন পূৰ্বে খেলৰ পদ্ধতিত (In the previous method of the game) তিনিটা পৰিৱৰ্তন (Three changes) আনিলে ভাৰতীয় ক্রিকেট বোৰ্ডে (BCCI)। এতিয়াৰে পৰা বলত থু লগাব পাৰিব। কোনো অধিনায়কে ইয়াত দ্বিমত প্রকাশ কৰা নাই। অৱশ্যে আটাইতকৈ উল্লেখযোগ্য নিয়মটো হৈছে, দ্বিতীয় ইনিংছত বলিং কৰা দলটোৱে দুটা নতুন বল ব্যৱহাৰ কৰিব পাৰিব। তাৰে এটা ইনিংছ আৰম্ভণিৰ সময়ত আৰু আনটো মাজত। ইয়াৰ উপৰি ৱাইডৰ বাবে হক-আই ব্যৱহাৰ কৰা হ’ব।
বৃহস্পতিবাৰে মুম্বাইত সকলো আই পি এলৰ দলৰ অধিনায়কসকলৰ সৈতে অনুষ্ঠিত বৈঠকত এই বিষয়ে জনোৱা হৈছে। দ্বিতীয় নতুন বল ব্যৱহাৰ কৰিব পাৰিব দ্বিতীয় ইনিংছৰ ১১ নম্বৰ অভাৰৰ পিছত পর। যিকোনো সময়তে নতুন বল ল’ব পাৰিব। কেতিয়া ল’ব সেইটো ঠিক কৰিব ফিল্ডিং কৰা দলটোৱে।

উল্লেখযোগ্য যে আই পি এলৰ সময়ত ভাৰতৰ প্ৰায়বোৰ ষ্টেডিয়ামতে নিয়ৰ পৰে। সেই কথাৰ প্ৰতি লক্ষ্য ৰাখি টছত জয়ী হোৱা দলটোৰ অধিনায়কজনে আগতে বল কৰাৰ সিদ্ধান্ত লয়। কিন্তু পিছৰ ফালে নিয়ৰ পৰিলে বলাৰসকলে বলিং কৰাত অসুবিধা হয়। প্রথম কথা, বল ভিজি থকাৰ কাৰণে হাতেৰে ধৰি ৰখাৰ (গ্রিপ) সমস্যা হয়। স্পিনাৰসকলে বল ঘূৰোৱাত অসুবিধা হয়।
দ্বিতীয়তে, আউটফিল্ড ভিজি থকাত বল দ্রুতগতিৰে যায়। ফলত চাৰিৰ সম্ভাৱনা বহুখিনি বাঢ়ি যায়। দুয়োটা দলকেই সমানে সুবিধা দিবলৈ এই নিয়ম প্ৰৱৰ্তন কৰিছে বোৰ্ডে।
কিন্তু নতুন বল ব্যৱহাৰৰ ক্ষেত্রত নিয়মো বান্ধি দিয়া হৈছে। জানিব পৰা মতে, দ্বিতীয় ইনিংছৰ ১১ নম্বৰ অভাৰৰ পিছত আম্পায়াৰে বল পৰীক্ষা কৰিব। যদি অত্যধিক নিয়ৰ থাকে, তেতিয়াহে বলিং কৰা দলে নতুন বল ব্যৱহাৰৰ অনুমতি পাব। সেইবুলি আকৌ একেবাৰে চকচকীয়া পলিছ কৰাৰ দৰে বলো দিয়া নহয়। ক্ষয় যোৱা বলে দিয়া হ’ব, মাত্ৰ সেই বলটো ভিজি নাথাকে। ইয়াৰ উপৰি দুপৰীয়াৰ মেচত এই নিয়ম প্রযোজ্য নহ’ব।
আন এটা নতুন নিয়মটি হৈছে যে এতিয়াৰে পৰা উচ্চতা আৰু অফ ষ্টাম্পৰ বাহিৰৰ ৱাইড বলত ডি আৰ এছ ল’লে হক-আই আৰু বল ট্র্যাকিং প্রযুক্তি ব্যৱহাৰ কৰা হ’ব। ৱাইডৰ ক্ষেত্রত ডি আৰ এছৰ নিয়ম অৱশ্যে যোৱা বছৰে আৰম্ভ কৰা হৈছিল। এইবাৰ তাত প্রযুক্তিৰ ব্যৱহাৰ সন্নিবিষ্ট কৰা হৈছে।
ইফালে বলত থু লগোৱা সন্দৰ্ভত নিষেধাজ্ঞা উঠাই লোৱাৰ ক্ষেত্ৰত বেছিভাগ অধিনায়কেই সমর্থন জনাইছে। এই ক্ষেত্ৰত সকলো দলৰ অধিনায়কৰ পৰা পৰামর্শ বিচৰা হৈছিল। তাত অৱশ্যে কোনোৱে মৃদু আপত্তি কৰিলেও বেছিভাগেই নিষেধাজ্ঞা উঠাই লোৱাৰ সপক্ষে মত প্ৰকাশ কৰে।