ভাৰতৰ কিংবদন্তি ফুটবলা (Footballer)ৰ তথা জাতীয় দলৰ এসময়ৰ অধিনায়ক সুনীল ছেত্ৰী (Sunil Chhetri)য়ে নিজৰ অৱসৰৰ সিদ্ধান্ত প্ৰত্যাহাৰ (Withdrawal of retirement decision) কৰিছে। ৪০ বছৰীয়া সুনীল ছেত্ৰীয়ে দেশক প্ৰতিনিধিত্ব কৰিবৰ বাবে পুনৰ খেলপথাৰলৈ উভতি আহিছে। উল্লেখ্য যে সুনীল ছেত্ৰী হৈছে ভাৰতৰ অভিলেখ সংখ্যক গ’ল স্ক’ৰাৰ। তেওঁ মাৰ্চ মাহত ফিফাৰ এক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ সময়ত ভাৰতীয় দলত যোগদান কৰিব। আনহাতে, ১৯ মাৰ্চত মালদ্বীপৰ বিৰুদ্ধে এখন প্ৰীতি মেচত তেওঁ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব। তাৰ পিছত তেওঁ ২০২৭ এছিয়া কাপৰ বাবে তৃতীয় ৰাউণ্ডৰ কোৱালিফায়াৰত বাংলাদেশৰ বিৰুদ্ধে খেলিব।

উল্লেখ্য যে ২০২৪ চনৰ ৬ জুনত সুনীল ছেত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। ইফালে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে সুনীল ছেত্ৰী পুনৰ দললৈ উভতি অহাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। ভাৰতীয় দলৰ প্ৰশিক্ষক মানোলো মাৰ্কেজেও এই কথা প্ৰকাশ কৰিছে। উল্লেখ্য যে ভাৰতীয় ফুটবল তাৰকাগৰাকীয়ে দেশৰ হৈ ১৯ বছৰ খেলিছে। আনহাতে, ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু লিঅ’নেল মেছিৰ পিছত সুনীল ছেত্ৰী হৈছে বিশ্বৰ তৃতীয় সৰ্বাধিক গ’ল স্ক’ৰাৰ। তেওঁৰ মুঠ গ’ল সংখ্যা হৈছে 94 টা। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ল’লেও বৰ্তমান তেওঁ আই এছ এলত বেংগালুৰু এফ চিৰ হৈ খেলি আছে। প্ৰতিযোগিতাখনত এতিয়ালৈকে তেওঁ 12 টা গ’ল কৰিছে।