
২৭ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চৰ ভিতৰত মণিপুৰত কমেও ৯৯টা অবৈধ অস্ত্ৰ (Manipur Violence) জমা হৈছে। ইয়াৰ ভিতৰত আছে ১৭টা থলুৱা ৰাইফল আৰু ৯টা মৰ্টাৰ। ইয়াৰ উপৰি কেইবাটাও গ্ৰেনেড আৰু অন্যান্য অস্ত্ৰও নিৰাপত্তা বাহিনীক গতাই দিয়া হয়।

মণিপুৰ আৰক্ষীয়ে জনোৱা মতে, দেওবাৰে আৰু ৪২টা আগ্নেয়াস্ত্ৰ জমা হয়। লুণ্ঠন কৰা চৰকাৰী অস্ত্ৰ-শস্ত্ৰ আৰু অবৈধ অস্ত্ৰ আত্মসমৰ্পণৰ সময়সীমা প্ৰায় শেষ হ’বলৈ গৈ আছে। এনে পৰিস্থিতিত প্ৰায় প্ৰতিদিনে বিভিন্ন জিলাৰ পৰা আগ্নেয়াস্ত্ৰ জমা দিবলৈ আৰম্ভ কৰিছে।
উত্তৰ-পূবৰ ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন জাপি দিয়াৰ পাছতে মণিপুৰৰ দায়িত্ব গ্ৰহণ কৰিছে ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই। বিগত ডেৰ বছৰৰ হিংসা আৰু অশান্তিৰ সময়ছোৱাত ৰাজ্যত লুণ্ঠন কৰা সকলো চৰকাৰী অস্ত্ৰ-শস্ত্ৰ ঘূৰাই দিয়াৰ উদ্যোগ লৈছে তেওঁ। ৬ মাৰ্চত লুণ্ঠিত অস্ত্ৰ আৰু অবৈধ অস্ত্ৰ প্ৰশাসনক জমা দিয়াৰ অন্তিম দিন।
এই সময়সীমাৰ পাছত অবৈধ অস্ত্ৰ ৰখাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সকীয়নি প্ৰশাসনে। মণিপুৰৰ হিংসাত্মক পৰিৱেশত ৰাজ্যখনৰ বিভিন্ন বাহিনীৰ বিভিন্ন গুদাম আৰু অস্ত্ৰভাণ্ডাৰৰ পৰা চৰকাৰী অস্ত্ৰ-শস্ত্ৰ লুট কৰাৰ অভিযোগ উত্থাপন হৈছে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে।
১৩ ফেব্ৰুৱাৰীত মণিপুৰত জাৰি কৰা হৈছিল ৰাষ্ট্ৰপতি শাসন। এসপ্তাহৰ পাছত ২০ ফেব্ৰুৱাৰীত ৰাজ্যপাল ভাল্লাই ৭ দিনৰ ভিতৰত লুণ্ঠন কৰা অস্ত্ৰ-শস্ত্ৰ ঘূৰাই দিবলৈ নিৰ্দেশ দিয়ে। অন্যথা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিয়ে।
তাৰ পিছত সাত দিনৰ ভিতৰত ৩০০ৰো অধিক অস্ত্ৰ জমা হয়। কিন্তু ৰাজ্যৰ বহু লুণ্ঠিত আৰু অবৈধ অস্ত্ৰ চৰকাৰৰ ঘৰলৈ ঘূৰি অহা নাই বুলি ধৰি লৈ ৰাজ্যপালগৰাকীয়ে সময়সীমা আৰু বৃদ্ধি কৰে। যোৱা শুকুৰবাৰে সন্ধিয়া তেওঁ ঘোষণা কৰে যে ৬ মাৰ্চৰ সন্ধিয়া ৪ বজাৰ ভিতৰত অস্ত্ৰ সমৰ্পণ কৰিব পাৰিব।
এনে পৰিস্থিতিত শনিবাৰে মণিপুৰত আইন-শৃংখলা আৰু নিৰাপত্তা সম্পৰ্কীয় এক পৰ্যালোচনা বৈঠকত বহে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। সভাত ভাল্লাও উপস্থিত থাকে। শনিবাৰৰ বৈঠকত লুণ্ঠন কৰা চৰকাৰী অস্ত্ৰ-শস্ত্ৰ আৰু অন্যান্য অবৈধ অস্ত্ৰ-শস্ত্ৰ গতাই দিয়াৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।












