
গৌৰৱোজ্জল ৰূপালী জয়ন্তী বৰ্ষ গৰকিবলৈ দুটা বছৰ ৰৈ যোৱা ডিফু প্ৰেছ ক্লাৱৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱসটি উদযাপন কাৰ্যসূচী শুকুৰবাৰে বিয়লি তিন বজাত সামৰণি পৰে ৷ ডিফুৰ হামবি হোটেলত অনুষ্টুপীয়াকৈ আয়োজন কৰা প্ৰতিষ্ঠা দিৱসটি কেক কাটে সভাপতি বৰচিং ৰংফাৰে ৷ বিভিন্ন ছপা মাধ্যম, বৈদ্যুতিন সংবাদ কৰ্মী সকলৰ অংশ গ্ৰহণেৰে প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰা হয় ৷

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত সভাপতি বৰচিং ৰংফাৰে বৰ্তমান ডিজিটেল যুগত সাংবাদিক সকলক যথেষ্ঠ কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনায় ৷ তেওঁ কয়যে, খেলুৱৈ, অভিনেতা সকলে নিজৰ ক্ষেত্ৰখনত নিজৰ নিজৰ ক্ষেত্ৰখনত অধিক শিক্ষিত নোহোৱাকৈ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি নাম, যশৰ লগত যথেষ্ট ঐশ্বৰ্য, বিভূতি সম্পদৰ অধিকাৰী হবলৈ সক্ষম হৈছে ৷
কিন্তু সাংবাদিক সকলে নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দিবলৈ শিক্ষিত হব লাগিব, সেয়ে সংবাদ কৰ্মী সকলে কিতাপ পঢ়াটো জৰুৰী বুলি কয় ৷ ৰংফাৰে কাৰো নাম নোলোৱাকৈ আক্ষেপ কৰি কয় যে আজিকালি একাংশ সাংবাদিকে ভালদৰে স্ক্ৰীপ্ট এখন লিখিব নোৱাৰাকৈ সংবাদ সেৱাৰ দৰে এটা এটা গুৰুত্বপূৰ্ণ বিষয় বাচি লোৱাটো দুৰ্ভাগ্য জনক ৷ সেয়ে সংবাদ কৰ্মী সকলক কিতাপ অধ্যয়নৰ বাবে আহ্বান জনায় ৷













