
বুধবাৰে বিয়লি ৩ মান বজাত ডিফুস্থিত জিলা প্ৰেছ ক্লাৱত আয়োজিত এক জৰুৰী কাৰ্যনিৰ্বাহক সভাত অল পাৰ্টি হিলছ লীডাৰ্চ কনফাৰেন্স (APHLC) চমুকৈ এপিএইছএলচি দলৰ সভাপতি জে আই কাথাৰে সাংবাদিকক অপদস্ত কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে কাৰবি আংলং জিলা প্ৰেছ ক্লাৱে ৷

উল্লেখযোগ্য যে, যোৱা ১৯ আগষ্টত এপিএইছএলচি দলৰ এক প্ৰতিবাদী শোভা যাত্ৰাত এপিএইছএলচি দলৰ সভাপতি জে আই কাথাৰৰ সাক্ষাৎকাৰ লৈ থাকোতে জে আই কাথাৰে সাংবাদিক ছাৰ ইম তিচোৰ প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ ওলেটাকৈ সাংবাদিকগৰাকীক ‘তুমি বংগ সেনা’ বুলি অপদস্থ কৰিছিল৷ সাংবাদিকগৰাকী প্ৰৱল অপমান বোধ কৰি বিষয়টোৰ সন্দৰ্ভত জিলা প্ৰেছ ক্লাৱত আপত্তি জনায় ৷
সেয়ে আজি জিলা প্ৰেছ ক্লাৱত সভাপতি দিগন্ত টেৰণৰ পৌৰোহিত্যত এখনি জৰুৰী কাৰ্যনিৰ্বাহক সভাত সৰ্বসন্মত সিদ্ধান্ত মৰ্মে ভৱিষ্যতে পুণৰ এনে কাৰ্য এপিএইছএলচি দলৰ সভাপতি গৰাকীয়ে পুণৰাবৃতি কৰিলে এপিএইছএলচি যিকোনো কাৰ্যসূচী বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰে জিলা প্ৰেছ ক্লাৱৰ সম্পাদক দেৱজ্যোতি বৰাই৷












