অৱশেষত জল্পনা-কল্পনাৰ অন্ত পেলাই মণিপুৰত বলৱৎ (Forced in Manipur) হ’ল ৰাষ্ট্ৰপতি শাসন (President’s Rule)। বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হৈছে ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন। মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পদত্যাগ কৰাৰ পিছত ৰাজ্যখনত সৃষ্টি হৈছিল ৰাজনৈতিক আচলাৱস্থা। তাৰ মাজতে দিল্লীত নতুন মুখ্যমন্ত্ৰী নিৰ্বাচনৰ বাবে বিজেপিৰ কেন্দ্ৰীয় নেতৃবৰ্গৰ সৈতে বৈঠকত বহিছিল মণিপুৰ বিজেপিৰ বিধায়িনী দল। কিন্তু এই বৈঠকত কোনো সমাধান সূত্ৰ নোলোৱাত ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন এক প্ৰকাৰ অৱধাৰিত হৈ পৰিছিল। অৱশেষত বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন বলৱৎ কৰে।

উল্লেখযোগ্য যে ৯ ফেব্ৰুৱাৰীত বীৰেণ সিঙে পদত্যাগ কৰিছিল। এবছৰতকৈ অধিক সময় অশান্ত হৈ থকা উত্তৰ-পূবৰ ৰাজ্যখনত বিধায়িনী দলৰ নেতা নিৰ্বাচনত ব্যৰ্থ হয় বিজেপি। ইয়াৰ পিছত দ্বিতীয়বাৰৰ বাবে ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন বলৱৎ কৰা হয়।