সমগ্ৰ ৰাজ্যৰ লগতে কাৰবি আংলং জিলাৰ সমান্তৰাল ডিফুৰ পৰীক্ষা কেন্দ্ৰসমূহতো বৃহস্পতিবাৰে দিনৰ ১ বাজি ৩০ মিনিটৰ পৰা আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা (Higher Secondary Final Examination)৷ এই লৈ ডিফুৰ (Diphu) পৰীক্ষা কেন্দ্ৰসমূহত ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ (Entrance to the examination centre) কৰাৰ পূৰ্বে নিৰাপত্তাৰক্ষীয়ে নিশ্ছিদ্ৰ তালাচী (A desperate search) চলায়৷ ছাত্ৰ-ছাত্ৰীসকলে যাতে পৰীক্ষা হলত কোনো অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ পদক্ষেপ অৱলম্বন কৰা হৈছে কেন্দ্ৰসমূহত৷

বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক কাৰ্যালয়ৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি কাৰবি আংলং জিলাত মুঠ ১৫ টা পৰীক্ষা কেন্দ্ৰত ৭৮৭৩ গৰাকী পৰীক্ষাৰ্থী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ২০২৫ ত অৱতীৰ্ণ হৈছে৷ ইয়াৰে ছাত্ৰৰ সংখ্যা ৩৭৮১ গৰাকী আৰু ছাত্ৰীৰ সংখ্যা ৪০৯২ গৰাকী৷ আনহাতে পশ্চিম কাৰবি আংলঙত ৭ টা পৰীক্ষা কেন্দ্ৰত ২৪২৬ গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছে৷ ইয়াৰে ১১৫৪ গৰাকী ছাত্ৰৰ বিপৰীতে ১২৭২ গৰাকী ছাত্ৰী বুলি জানিব পৰা গৈছে৷