মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ অভিযোগৰ প্ৰত্যুত্তৰ (Response to complaint) সাংসদ গৌৰৱ গগৈ (MP Gaurav Gogoi)ৰ। উল্লেখ্য, মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰিছিল যে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলব’ৰ্ণ (Wife Elizabeth Colborne) পাকিস্তানৰ গুপ্তচৰ (Pakistan spy) সংস্থা আই এছ আইৰ এজেণ্ট (ISI Agent)। ইয়াৰ প্ৰত্যুত্তৰত লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে কয়, “যদি মোৰ পত্নী এগৰাকী আই এছ আই এজেণ্ট, তেন্তে মই এজন ৰ’ এজেণ্ট (Raw Agent)।’’
আনহাতে, মুখ্যমন্ত্ৰীৰ অভিযোগৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজেপিৰ মুখপাত্ৰ কিশোৰ উপাধ্যায়ে দাবী কৰে যে এলিজাবেথে পাকিস্তানৰ পৰিকল্পনা আয়োগৰ মুখ্য উপদেষ্টা তৌকীৰ শ্বেখৰ অধীনত ইছলামাবাদত কাম কৰিছিল। তেওঁ আমেৰিকান বিলিয়নেয়াৰ জৰ্জ চোৰোছৰ এটা কোম্পানীৰ সৈতেও জড়িত।

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ উদ্যোগপতি গৌতম আদানিৰ বিৰুদ্ধে চোৰোছ আৰু তেওঁৰ কোম্পানীয়ে বাৰে বাৰে বিত্তীয় অনিয়মত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে।
ইফালে বিজেপিৰ আন এজন মুখপাত্ৰ গৌৰৱ ভাটিয়াই বিষয়টোৰ তদন্তৰ দাবী জনাই কয় যে ই ‘ৰাষ্ট্ৰীয় সুৰক্ষা’ৰ সৈতে সম্পৰ্কিত। তেওঁ এইটোও দাবী কৰে যে এলিজাবেথ এগৰাকী ভাৰতীয় নাগৰিক নহয়। ইয়াৰ প্ৰত্যুত্তৰত গৌৰৱ গগৈয়ে কয়, “ৰাজনৈতিক উদ্দেশ্যৰে এনে ভিত্তিহীন অভিযোগ উত্থাপন কৰা হৈছে।”