বোকাখাতত ৰাজ্যিক মৰ্যদা (Statehood in Bokakhat) সহকাৰে আজি চিতাৰ জুইত পঞ্চভূতত বিলীন হ’ল অসম বিধান সভাৰ প্ৰাক্তন উপাধ্যক্ষ (Former Vice Chirman), বোকাখাতৰ প্ৰাক্তন বিধায়ক, অসম গণ পৰিষদ গঠনৰ অন্যতম আহ্বায়ক, অসম গণ সংগ্ৰাম পৰিষদৰ দ্বাৰা অসমৰ বিদেশী বিতাৰণ আন্দোলনক নেতৃত্ব দিয়া বিশিষ্ট ব্যক্তি, সুদক্ষ খেলুৱৈ, এসময়ৰ কৃতি শিক্ষক, বিশিষ্ট ক্ৰীড়া সংগঠক, বিশিষ্ট সমাজকৰ্মী বলোভদ্ৰ তামুলী (Bolobhadra Tamuli)ৰ পাৰ্থিৱ শৰীৰ৷ প্ৰাক্তন উপাধ্যক্ষ তথা প্ৰবীন নেতাগৰাকীক ৰাজ্যিক মৰ্যদা সহকাৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰি পৰিয়ালৰ তৰফৰ পৰা ৰীতি-নীতিৰে দাহ-সংস্কাৰ কৰা হয়৷

উল্লেখ্য যে কালি বোকাখাতৰ জ্যোতিপুৰৰ নিজ বাসভৱনত বাৰ্ধক্যজনীত কাৰণত ৮৭ বছৰ বয়সত দেহাৱসান ঘটে বোকাখাতৰ মহীৰুহ গৰাকীৰ৷ প্ৰাক্তন উপাধ্যক্ষ বলোভদ্ৰ তামুলীৰ নশ্বৰ দেহ আজি পুষ্প সজ্জিত বাহনত জ্যোতিপুৰ বৰ নামঘৰ, অসম গণ পৰিষদৰ কাৰ্যালয়, বোকাখাত ষ্টেডিয়াম, বোকাখাত নাট্য মন্দিৰলৈ নিয়া হয়৷ কেও ঠাইতে প্ৰয়াতগৰাকীক তিনি শতাধিক দল-সংগঠন, ব্যক্তি বিশেষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে আৰক্ষীৰ অভিবাদন আৰু টোপ-ধ্বনিৰ মাজেৰে অগণণ গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন হয় অন্তিম সৎকাৰ৷ সৎকাৰ স্থলীত উপস্থিত থাকি শেষ শ্ৰদ্ধা নিবেদন কৰে অসম গণ পৰিষদৰ সভাপতি, বোকাখাতৰ বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী অতুল বৰা, জিলা আয়ুক্ত পুলক মহন্ত, জিলা আৰক্ষী বিষয়া ৰাজেন সিং, প্ৰাক্তন বিধায়ক জিতেন গগৈকে ধৰি অজস্ৰ গুণমুগ্ধই৷

উল্লেখ্য যে অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনৰ সময়ত বোকাখাতৰ লগতে অসমক নেতৃত্ব দিছিল প্ৰয়াত গৰাকীয়ে৷ জেলত থাকিবলগীয়া হৈছিল দীৰ্ঘদিন৷ অৱশেষত অসম চুক্তিৰ পাছত গঠন হোৱা আঞ্চলিক ৰাজনৈতিক দল ‘অসম গণ পৰিষদ’ৰ অন্যতম আহ্বায়ক আছিল বলোভদ্ৰ তামুলী৷
১৯৮৫ চনত নিৰ্বাচনত জয়ী হৈ অগপ নেতৃত্বাধীন চৰকাৰৰ বিধান সভাৰ উপাধ্যক্ষ ৰূপে দায়িত্ব পালন কৰিছিল তামুলীয়ে৷ দীৰ্ঘদিন অসুস্থ হৈ থকা তামুলীয়ে ৮৭ বছৰ বয়সত কালি ইহলীলা সম্বৰণ কৰে৷ আজি প্ৰবীন নেতা গৰাকীৰ প্ৰতি সন্মান জনাই বোকাখাত দৈনিক বজাৰ সমিতি আৰু বোকাখাত ব্যৱসায়ী সন্থাই দুঘণ্টাৰ বাবে বোকাখাতৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ দিয়ে৷ ইফালে বোকাখাত বাসীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই বিশিষ্ট ব্যক্তি গৰাকীৰ এটি স্থায়ী প্ৰতিমূৰ্ত্তি বোকাখাতত স্থাপন কৰা হ’ব বুলি নিশ্চিতি দিয়ে অগপ সভাপতি অতুল বৰাই৷