
সাংবিধানিক জটিলতাৰ পৰা হাত সাৰিবলৈ মণিপুৰ (Manipur) বিধানসভা নিলম্বিত এনিমেচনলৈ যোৱাৰ সম্ভাৱনা আছে। সম্ভাৱনা আছে যে বিধানসভাক জীয়াই ৰাখি ৩৫৬ অনুচ্ছেদ প্ৰণয়ন হ’ব পাৰে। কাৰ্যত সেয়া ৰাষ্ট্ৰপতিৰ শাসন। এই ব্যৱস্থাত বিধানসভা ভঙ্গ নহয়। বিধায়কসকলে বেতন পায় যদিও অধিবেশন বা সমিতিৰ বৈঠককে ধৰি কোনো কাৰ্যকৰী কাম নকৰে।

যিহেতু সৰ্বসন্মতিক্ৰমে নতুন মুখ্যমন্ত্ৰী বাছনি কৰাটো সম্ভৱ নহ’ল, সেয়েহে পদত্যাগ কৰাৰ পিছতো এন বীৰেণ সিং সম্প্ৰতি তদাৰককাৰী মুখ্যমন্ত্ৰী হৈ থাকিব।
বিগত বৰ্ষৰ ১২ আগষ্টত মণিপুৰ বিধানসভাৰ অন্তিম অধিৱেশনৰ অন্ত পৰিছিল। সংবিধানৰ ১৭৪ নং অনুচ্ছেদ অনুসৰি কমেও ৬ মাহৰ ভিতৰত পৰৱৰ্তী অধিৱেশন অনুষ্ঠিত কৰিব লাগে।
কিন্তু সোমবাৰৰ পৰা অধিৱেশন আৰম্ভ হ’ব লাগিছিল যদিও দেওবাৰে বীৰেণ সিঙে পদত্যাগ কৰি ৰাজ্যপালৰ ওচৰত মন্ত্ৰীসভা ভংগ কৰি অধিৱেশন বাতিলৰ কথা ঘোষণা কৰে। ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াত বাধা দিবলৈ ১২ ফেব্ৰুৱাৰীৰ দুপৰীয়াৰ ভিতৰত নতুন মুখ্যমন্ত্ৰী নিৰ্বাচনৰ পিছত দ্বাদশ বিধানসভাৰ সপ্তম অধিৱেশন আহ্বান কৰিব লাগে।
কিন্তু উত্তৰ-পূবৰ বিজেপি নেতা সম্বিত পাত্ৰই মঙলবাৰে বিজেপি বিধায়কসকলৰ সৈতে বৈঠকত মিলিত হয় যদিও পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে মন্ত্ৰী ৱাই খেমচান্দ, অধ্যক্ষ টি সত্যব্ৰত, মন্ত্ৰী টি বিশ্বজিৎ আৰু বিধায়ক টি ৰাধেশ্যাম হোৱাত প্ৰতিদ্বন্দ্বীসকলৰ ভিতৰত কোনো এজনকো সৰ্বসন্মতিক্ৰমে মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিব পৰা নগ’ল।
আনকি বিতৰ্কৰ পৰা হাত সাৰিবলৈ মণিপুৰৰ ৰজা আৰু ৰাজ্যসভাৰ সাংসদ সনাজাওবাৰ নামো মুখ্যমন্ত্ৰী হিচাপে দাখিল কৰা হয়। কিন্তু সশস্ত্ৰ আৰামবাই টেংগল বাহিনীৰ আদি প্ৰতিষ্ঠাপক তথা সশস্ত্ৰ আৰামবাই টেংগল বাহিনীৰ আদি প্ৰতিষ্ঠাপক তথা সনামহী ধৰ্মক পুনৰুজ্জীৱিত কৰি ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা সনাজাওবাক ৰাজ্যৰ দায়িত্ব এৰি দিবলৈ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব একেবাৰেই ইচ্ছুক নহয়।
অৱশ্যে খেমচান্দে কয়, “হাইকমাণ্ডে নেতৃত্ব সন্দৰ্ভত যি সিদ্ধান্ত ল’ব আমি মানি ল’ম। এতিয়া লক্ষ্য ৰাজ্যত শান্তি ঘূৰাই অনা। মোৰ বিশ্বাস যে দুয়োপক্ষৰ মাজত অতি সোনকালে শান্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব।” আনহাতে, ৰাজ্যিক কংগ্ৰেছৰ সভাপতি কে মেঘচন্দ্ৰই কয় যে বিজেপিয়ে শীঘ্ৰে পৰৱৰ্তী মুখ্যমন্ত্ৰী নিৰ্বাচন কৰি বিধানসভাৰ অধিৱেশন আহ্বান কৰিব লাগে।
বিধানসভাখন নিলম্বিত এনিমেচনলৈ যোৱা আৰু ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াটো একেবাৰেই বাঞ্ছনীয় নহয়। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ জয়ৰাম ৰমেশেও বিধানসভাৰ অধিৱেশন বাতিল আৰু ৰাজ্যপালৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰে। মুখ্যমন্ত্ৰী বাছনিৰ ক্ষেত্ৰত ১০গৰাকী কুকি বিধায়কে কি ভূমিকা পালন কৰিব সেয়া স্পষ্ট হোৱা নাই।
বিগত ২১ মাহত তেওঁলোকে কোনো চৰকাৰী কামত অংশ লোৱা নাই। ইয়াৰ ভিতৰত আছে দুজন মন্ত্ৰীকে ধৰি ৭জন বিজেপি বিধায়ক। কিন্তু তেওঁলোকে কয় যে মুখ্যমন্ত্রী বাছনি সন্দর্ভত এতিয়াও কেন্দ্রীয় নেতৃত্বই তেওঁলোকক বৈঠকৰ বাবে আহ্বান জনোৱা নাই৷
ইফালে মেইটেইসকলৰ যৌথ মঞ্চ কোকোমি কুকিৰ যৌথ মঞ্চই আই টি এল এফ আৰু কোটুক সমালোচনা কৰি কয় যে যেতিয়া মুখ্যমন্ত্ৰীয়ে বৃহত্তৰ মংগলৰ বাবে পদত্যাগ কৰিছিল, তেতিয়াও এই স্পৰ্শকাতৰ পৰিৱেশত কুকিসকলে সুকীয়া প্ৰশাসন লাভৰ বাবে অশান্তি বজাই ৰাখিবলৈ চেষ্টা কৰিছে, যিটো নিন্দনীয়।
অভিযোগ অনুসৰি, বৃহত্তৰ মিজোৰাম বা প্ৰস্তাৱিত জোলাণ্ড বা জালাংগম গঠন কৰি ম্যানমাৰৰ সৈতে খ্ৰীষ্টান ৰাষ্ট্ৰ গঠন কৰাটোৱেই কুকিসকলৰ লক্ষ্য। মিজোৰামৰ ৰাজনৈতিক দলসমূহেও মণিপুৰৰ পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে।












