
উত্তৰ ছিকিমৰ (North Sikkim) ছংকলাং বেইলী দলং (Sanklang Bailey Bridge)খন ভাঙি পৰে (breaks down)। মঙলবাৰে বিয়লি উত্তৰ ছিকিমত সংঘটিত হয় এই ঘটনা। মংগন আৰু জাংগুৰ সংযোগী ছংকলাং বেইলী দলংখন হঠাৎ ভাঙি পৰে। এই ঘটনাত এখন গাড়ী দলঙৰ মাজত আবদ্ধ হৈ পৰে। অৱশ্যে এই ঘটনাত কোনো লোক হতাহতিৰ খবৰ পোৱা নাই।

সূত্ৰ অনুসৰি, পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে সকলো গাড়ীচালক আৰু পথচাৰীক ছংকলাং পথৰ পৰা আঁতৰি থাকিবলৈ তাৎক্ষণিক সতৰ্কবাণী জাৰি কৰা হৈছে। উত্তৰ ছিকিমৰ ছংকলাং বেইলী দলং হৈছে মংগন আৰু চুংথাঙৰ মাজৰ এখন গুৰুত্বপূৰ্ণ সংযোগী দলং। যাৰ বাবে মংগন, জংগুৰ পৰা চুংথাঙলৈ সকলো ক্ষেত্ৰলৈকে দলংখন ঠিক নোহোৱালৈকে বেলেগ পথেৰে যাতায়াত কৰিব লাগিব।
উল্লেখ্য যে ২০২৩ চনত বৰষুণ আৰু বানপানীৰ পিছতে ছংকলাং বেইলী দলংখন নিৰ্মাণ কৰা হৈছিল। কিন্তু বছৰটো পাৰ নৌহওঁতেই ২০২৪ চনৰ জুন মাহত এই দলংখন ভাঙি পৰে। পিছত দলংখন মেৰামতি কৰি পুনৰ যাতায়াতৰ অনুকূল কৰি তোলা হয়। কিন্তু এইবাৰ পুনৰ দলংখন ভাঙি পৰে। সম্প্ৰতি দলংখনেৰে বাহন চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ আছে। লগতে পথচাৰীসকলক এই পথৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।













