দিল্লী বিধানসভা নিৰ্বাচনত পৰাস্ত হৈছে আম আদমি পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল (Arvind Kejriwal)। ইফালে নিৰ্বাচনী ফলাফলৰ পিছতে দুখ প্ৰকাশ কৰে সমাজকৰ্মী আন্না হাজাৰেয়ে।

নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি নিৰ্বাচনত সফলতা লাভ কৰিবলৈ কি কৰিব লাগে সেই কথা কেজৰিৱালক বিগত সময়ছোৱাত বাৰে বাৰে বুজাই অহা বুলি উল্লেখ কৰে আন্না হাজাৰেয়ে। কিন্তু তেওঁৰ কথাত আপ প্ৰধানে গুৰুত্ব দিয়াৰ পৰিৱৰ্তে তেওঁ ধন-সম্পত্তিৰ প্ৰতি আকৰ্ষিত হোৱা বুলি উল্লেখ কৰে।
দিল্লী নিৰ্বাচন সন্দৰ্ভত আন্নাই কয়, “মই আগতেও কৈ আহিছো, নিৰ্বাচনৰ সময়ত প্ৰাৰ্থীৰ আচৰণ আৰু চিন্তা-চৰ্চা বিশুদ্ধ হ’ব লাগে। নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ এজন প্ৰাৰ্থীৰ জীৱন নিৰ্মল হ’ব লাগিব। তেওঁৰ জীৱনত ত্যাগ থাকিব লাগে। এই গুণবোৰে ভোটাৰৰ আস্থা জগাই তোলে। এই কথা মই বহুবাৰ কৈছো।
কিন্তু এই সকলোবোৰ তেওঁৰ (কেজৰিৱালৰ) মনত প্ৰৱেশ কৰা নাছিল। তেওঁ সুৰাক অধিক গুৰুত্ব দিয়ে। কিয় আহিল সুৰাৰ দোকানৰ বিষয়? কাৰণ তেওঁ ধন-সম্পত্তিত নিমজ্জিত হ’ল।”
উল্লেখ্য যে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী কেজৰিৱালৰ সৈতে আন্নাৰ একালৰ ‘বন্ধুত্ব’ক লৈ ব্যাপক চৰ্চা চলিছে।
২০১১ চনত কেজৰিৱালক তদানীন্তন কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে আন্নাৰ আন্দোলনৰ মঞ্চত দেখা গৈছিল। সেই সময়ত কেজৰিৱালক আন্নাৰ ‘শিষ্য’ বুলি ব্যাখ্যা কৰিছিল। কিন্তু বৰ্তমান ‘গুৰু-শিষ্য’ সম্পৰ্কৰ মাজত ফাঁট মেলিছে। ২০১২ চনত কেজৰিৱালে ৰাজনৈতিক দল আপ গঠন কৰিছিল যদিও ৰাজনৈতিক দল গঠনত আন্নাৰ প্ৰবল ‘আপত্তি’ আছিল।
দিল্লী বিধানসভাৰ ভোট গণনা চলি আছে। চৰকাৰ গঠনৰ বাবে ৭০খন আসনৰ ভিতৰত ৩৬খন আসনৰ প্ৰয়োজন। এতিয়ালৈকে আপ সংখ্যাগৰিষ্ঠতাৰ সংখ্যাতকৈ বহু পিছপৰি আছে।
কেজৰিৱাল, মনীষ চিছোডিয়া, সত্যেন্দ্ৰ জৈনৰ দৰে আপৰ আগশাৰীৰ নেতাসকল পৰাস্ত হৈছে। দিল্লীত এটা দশক ধৰি ক্ষমতাত থকা কেজৰিৱালৰ দলটোৰ ওপৰত এতিয়া সকলোৰে এটাই দৃষ্টি, দলটোৰ ভাগ্যত কিমানখন আসন আছে। তেনে পৰিস্থিতিতে আন্না হাজাৰেয়ে কেজৰিৱাল সন্দৰ্ভত মুখ খুলিছে।