বুধবাৰে দিনৰ প্ৰায় ১ বজাত লাহৰিজান এক গোপন খবৰৰ ভিত্তিত সন্দেহযুক্ত হেৰইন সহ খটখটী আৰক্ষীৰ জালত পৰে এক সৰবৰাহকাৰী ৷ গোপন খবৰৰ ভিত্তিত খটখটী আৰক্ষীয়ে অসম -নাগালেণ্ড সীমান্তৰ লাহৰিজানত খোজকাঢ়ি খটখটী অভিমুখে গৈ থকা এজন লোকক তালাচী চলাই লোকজনৰ পৰা ১ টা ধঁপাতৰ টেমা আৰু ৭ ধঁপাত টেমাৰ টুপিত ভৰাই অনা মুঠ ‘১২০ গ্ৰাম সন্দেহযুক্ত হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

হেৰইনখিনি সৰবৰাহৰ লগত জড়িত নগাওঁ জিলাৰ কচুৱা গেৰজাই পামৰ কুৰফান আলী (৩০) বছৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ হেৰইনখিনি নিৰপেক্ষ সাক্ষী গণৰ সাক্ষাতে জব্দ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷