
দেশৰ ৰাজধানী দিল্লীত বুধবাৰে ৭০টা বিধানসভা সমষ্টিত এটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। তাৰ পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টীৰ নেত্ৰী আতিশী মাৰ্লেনাৰ (Case Against Atishi) বিৰুদ্ধে দুটাকৈ গোচৰ ৰুজু হৈছে।

মঙলবাৰে পুৱা দক্ষিণ-পূব দিল্লী আৰক্ষীৰ ডিচিপিয়ে জনোৱা মতে, নিৰ্বাচনৰ ঠিক পূৰ্বে গোবিন্দপুৰী থানাত আতিশীৰ বিৰুদ্ধে দুটা গোচৰ ৰুজু কৰা হৈছে।
তেওঁৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে। আপ নেত্ৰীগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অনুসৰি, সোমবাৰে নিশা প্ৰায় ১২.৩০ বজাত তেওঁক ফতেহ সিং মাৰ্গৰ সমীপত প্ৰায় ৬০-৭০ আপ সমৰ্থকৰ সৈতে ঘূৰি ফুৰা দেখা যায়।
তেওঁলোকৰ লগত ১০খন গাড়ীও আছিল। সংবাদ সংস্থা এএনআইৰ মতে, আৰক্ষীয়ে তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰাত আপ সমৰ্থকে এজন কনিষ্টবলক চৰিওৱাৰ অভিযোগ উঠিছে। দুজন সমৰ্থকে আৰক্ষী জোৱানজনক হাৰাশাস্তি কৰাৰ অভিযোগ।
ইয়াৰ পিছতে আতিশী আৰু তেওঁৰ সমৰ্থকসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হয়। আনহাতে, আৰক্ষীয়ে অভিযুক্ত আপ সমৰ্থক অস্মিত আৰু সাগৰ মেহতাক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰে।
সংবাদ সংস্থা এ এন আইৰ তথ্য অনুসৰি, আহত কনিষ্টবলজনৰ নাম হৈছে কৌশল পাল।
সোমবাৰে নিশা প্ৰায় ১২.৩০ বজাত ফতেহ সিং মাৰ্গৰ সমীপত তেওঁ কৰ্তব্যৰত অৱস্থাত আছিল। সেই সময়তে আপ নেত্ৰীগৰাকীকে ধৰি প্ৰায় পঞ্চাশজন আপ সমৰ্থক তাত সমবেত হয়। তেওঁলোকক অঞ্চলটোৰ পৰা যাবলৈ কোৱাৰ পিছতো তেওঁলোকে সেই কথা মানি নোলোৱাত আৰক্ষী জোৱানজনে মোবাইল লৈ ভিডিঅ’ ৰেকৰ্ড কৰিব বিচাৰে।
তাৰ পিছতে আপ সমৰ্থকে তেওঁক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে।
কিন্তু আতিশীৰ প্ৰতিঅভিযোগ যে বিজেপি নেতা ৰমেশ বিধুৰীৰ পৰিয়ালৰ বিৰুদ্ধে নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ উত্থাপন কৰাৰ বাবেই দিল্লী আৰক্ষীয়ে তেওঁক লক্ষ্য কৰি লৈছে।
মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ আৰু দিল্লী আৰক্ষীক সমালোচনা কৰি আতিশীয়ে কয়, “ৰমেশ বিধুৰীজীৰ পৰিয়ালে মুকলিকৈ নিৰ্বাচনী নিয়ম উলংঘা কৰিছে! তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। কিন্তু যেতিয়া মই তেওঁলোকৰ বিৰুদ্ধে আৰক্ষী আৰু নিৰ্বাচন আয়োগক অভিযোগ দিলোঁ, তেতিয়া মোৰ নামত গোচৰ ৰুজু হ’ল!”
অৱশ্যে ডিচিপিয়ে দাবী কৰিছে যে ৰমেশৰ পুত্ৰ মনীষ বিধুৰীৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে। অভিযোগ অনুসৰি নিৰ্দিষ্ট সময়সীমা শেষ হোৱাৰ পিছতো তেওঁ নিৰ্বাচনী প্ৰচাৰত অংশ লৈছিল। এই অভিযোগৰ ওপৰতো দিল্লী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।










