শনিবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে (Nirmala Sitharaman) সদনত দাখিল কৰে মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথম আৰু বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা সীতাৰমণৰ অষ্টমখন পূৰ্ণাংগ বাজেট।

আশা কৰা মতেই এইবাৰৰ বাজেটত মধ্যবিত্ত শ্ৰেণীৰ বাবে সকাহ প্ৰদান কৰা হৈছে। অৰ্থাৎ কৰ ৰেহাইৰ সীমা সংশোধন কৰা হৈছে। বিত্তমন্ত্ৰীয়ে ঘোষণা কৰা নতুন কৰ শ্লেব অনুসৰি ১২ লাখ টকা পৰ্যন্ত আয় কৰ পৰিশোধ কৰিব নালাগে।
বিত্তমন্ত্ৰীয়ে ঘোষণা কৰা নতুন কৰ নিয়ম অনুসৰি ০-১২ লাখ টকাৰ ভিতৰত কোনো আয় কৰ পৰিশোধ কৰিব নালাগে। আনহাতে, ১২-১৫ লাখ টকা উপাৰ্জনৰ ক্ষেত্ৰত ১৫ শতাংশ আয় কৰ পৰিশোধ কৰিব লাগিব। ১৫-২০ লাখৰ ভিতৰত আয় কৰ হ’ব ২০ শতাংশ। ইয়াৰ উপৰি ২০-২৫ লাখ টকাৰ ওপৰত আয় কৰ আৰোপ কৰা হৈছে ২৫ শতাংশ।