
অৰুণাচল (Arunachal)লৈ ফুৰবলৈ যোৱা অসমৰ দুটা পৰিয়াল (Two families in Assam) এক ভয়ংকৰ দুৰ্ঘটনাত পতিত (accident) হয়। তেওঁলোকে যাত্ৰা কৰা বাহনখন পথৰ পৰা প্ৰায় ১০০০ ফুট তলত পৰিযোৱাত চাৰিগৰাকী যাত্ৰীৰ মৃত্যু (Four passengers killed) হয়। বাহনখনত এটি কণমানি শিশুসহ মুঠ ছয়গৰাকী যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। তেওঁলোক অৰুণাচলৰ মায়’দিয়াৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় বুলি দুৰ্ঘটনাত পতিত পৰিয়াল দুটাৰ আত্মীয়ই জানিবলৈ দিয়ে। দুৰ্ঘটনাত পতিত পৰিয়াল দুটা গোলাঘাট জিলাৰ নুমলীগড়ৰ ঔগুৰি চাপৰিৰ বুলি জানিব পৰা গৈছে।

দেওবাৰে গণৰাজ্য দিৱসৰ ছুটী উপভোগৰ বাবে পৰিয়াল দুটা এখন স্ক’ৰপিঅ’ বাহনেৰে অৰুণাচলৰ মায়’দিয়ালৈ গৈছিল। তাৰ পৰা উভতি অহাৰ সময়ত আবেলি ৪.৩০ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয়। গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা প্ৰায় এহাজাৰ ফুট তলত বাগৰি পৰে। ফলত ঘটনাস্থলীতে এগৰাকী মহিলাসহ চাৰিগৰাকী লোকৰ মৃত্যু হয়।
ইফালে সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত আন দুগৰাকী চিকিৎসাধীন হৈ আছে। নিহতসকল হৈছে সূৰয চেত্ৰী (৪৩), মীনা চেত্ৰী (৪০), ৰঞ্জিত চেত্ৰী (৩৯) । আনহাতে, গাড়ীখনৰ চালক মনোজ চেত্ৰীৰো (৩২) দুৰ্ঘটনাস্থলীতে মৃত্যু হয়। ইয়াৰ উপৰি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে হৰিমায়া চেত্ৰী (৩৬) আৰু ৰশ্মি চেত্ৰী নামৰ এটি শিশু।













