ডিফু আৰক্ষী (Diphu Police)য়ে বুধবাৰে বিয়লি প্ৰায় চাৰে তিনি বজাত ৰংখেলাঙৰ (Rongkhelang) কিডজি বিদ্যালয়ৰ কাষত এক অভিযান চলাই হেৰ’ইনসহ ৩ জন ব্যক্তিক আটক (3 arrested including heroin) কৰে। জানিব পৰা মতে এটা ভাড়াঘৰত অভিযান চলাই এটা চাবোনৰ বাকচত ভৰাই থোৱা অৱস্থাত ১৪ গ্রাম হেৰ’ইন আৰু ১৫টা চাধাৰ টেমাত ভৰাই থোৱা অৱস্থাত ১৫.৮৮ গ্রামসহ মুঠ ২৯.৮৮ গ্রাম হেৰ’ইন জব্দ (Heroin seized) কৰে।

ইয়াৰ লগতে ২১টা চিমপ্লেস্ক টেবলেট আৰু নগদ ৬৩,৯০০ টকা, ১৬ টা চিৰিঞ্জ জব্দ কৰে। এই সন্দৰ্ভত লাংচ ডেৰা, ৰাহুল পল সিঙ আৰু ৰুক্মিণি ডেৰাক আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷