দিল্লীৰ নিৰ্বাচন (Delhi elections) সমাগত। এই নিৰ্বাচনক লৈ সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিছে বিজেপি (BJP)য়ে। দলীয় ইস্তাহাৰ (Party manifesto)ৰ প্রথম পৰ্যায়ত মহিলাৰ বাবে ঘোষণাৰ পিছত দ্বিতীয় পৰ্যায়ত শিক্ষাৰ্থী-যুৱসকলৰ বাবে কেইবাটাও পৰিকল্পনা ঘোষণা কৰিবলৈ আগবাঢ়িছে বিজেপি। এইটো হ’ব সঙ্কল্পপত্রৰ দ্বিতীয় ভাগ। বুধবাৰে সেয়া প্রকাশ হোৱাৰ কথা।

সূত্র মতে, ঘোষণাপত্রত শিক্ষাৰ্থীৰ বাবে বিভিন্ন ধৰণৰ বৃত্তিৰ সুবিধা, উচ্চশিক্ষাত ঋণৰ সুবিধা, নিবনুৱা যুৱকসকলক বৃত্তিমুখী প্রশিক্ষণ আৰু ব্যৱসায় কৰিব বিচাৰিলে ঋণ দিয়াৰ ক্ষেত্ৰত বিভিন্ন প্রকল্পই স্থান পোৱাৰ সম্ভাৱনা আছে। সঙ্কল্পপত্রৰ তৃতীয় ভাগত সাধাৰণ জনতাৰ কথা মনত ৰাখি একাধিক ঘোষণাৰ পৰিকল্পনা আছে।