নতুন বছৰ আৰম্ভণিৰ দ্বিতীয় সপ্তাহত পুনৰ অস্থিৰ হৈ পৰিছে মণিপুৰ (Unstable Manipur again)। বৃহস্পতিবাৰে আৰক্ষীয়ে জনোৱা অনুযায়ী, ইম্ফল পশ্চিমৰ (Imphal West) কাংচুপ ফায়েং গাঁৱত (In Kangsup Fayeng village) ড্ৰোন আক্ৰমণ (Drone attack) সংঘটিত হয়। ড্ৰোনৰ সহায়ত দুটা বোমা নিক্ষেপ (Two bombs dropped) কৰা হয়। নতুন বছৰটোত মণিপুৰত এইটো হৈছে প্ৰথম ড্ৰোন আক্ৰমণৰ ঘটনা। ঘটনাটোত অৱশ্যে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই বুলি আৰক্ষীয়ে জনায়।
আৰক্ষীয়ে জনোৱা অনুসৰি, মঙলবাৰে নিশা প্ৰায় ৯.৩০ বজাত কাংচুপ ফায়েং গাঁৱৰ অস্থায়ী আৰক্ষী বেৰেকৰ পৰা মাত্ৰ ১৫ ফুট দূৰৈত ড্ৰোন আক্ৰমণটো সংঘটিত হয়। আৰক্ষীয়ে বিস্ফোৰণস্থলীৰ পৰা এটা বোমাৰ প্ৰ’পেলাৰ বিচাৰি পাইছে। ফৰেনচিক বিশেষজ্ঞৰ এটা দলে বুধবাৰে ঘটনাস্থলী পৰিদৰ্শন কৰে। ঘটনাটোত কোনো লোক আহত হোৱা নাই বুলিও আৰক্ষীয়ে জনায়।

আনহাতে, কাংচুপৰ এগৰাকী বাসিন্দাই কয় যে ১১ নৱেম্বৰৰ পৰা অঞ্চলটোত কোনো ড্ৰোন আক্ৰমণ হোৱা নাই। অৱশ্যে স্থানীয় লোকে যোৱা তিনিদিন ধৰি অঞ্চলটোত কেইবাটাও ড্ৰোন উৰি থকা প্ৰত্যক্ষ কৰে। তেওঁলোকে ভাবিছিল যে সেইবোৰ নিৰীক্ষণ ড্ৰোন। কিন্তু সেই ড্ৰোনৰ দ্বাৰা বোমা পেলাই দিয়া হৈছিল।
ইফালে বুধবাৰে ৰাজ্যিক আৰু কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ এটা যুটীয়া দলে বিষ্ণুপুৰ জিলাৰ আইগেজাং আৰু লেইমাৰাম অ’কে-চিঙৰ সীমান্ত অঞ্চলৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰে। এটা স্নাইপাৰ ৰাইফল, একাধিক চেল্ফ লোডিং ৰাইফল, ৩৬ টা গ্ৰেনেড আৰু এটা মৰ্টাৰ টিউব লঞ্চাৰ জব্দ কৰা হয়। অস্থিৰতাৰ আশংকাত শনিবাৰৰ পৰা কাংপোকপি জিলাৰ গেলজাঙত কাৰ্ফিউ জাৰি কৰা হৈছে।