বৃহস্পতিবাৰে মৰিগাঁৱত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট বৈঠক (State Cabinet Meeting)। এই বৈঠকত উমাৰংছুৰ কয়লাখনি দুৰ্ঘটনা (Umarongsu coal mine accident) সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰীয়ে ঘোষণা (Chief Minister’s announcement) কৰে যে উমৰাংছু কয়লাখনি দুৰ্ঘটনাৰ ন্যায়িক তদন্ত (Judicial Inquiry) কৰা হ’ব। এই তদন্তৰ দায়িত্বত থাকিব উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ এজনীয়া আয়োগ।
অৱসৰপ্ৰাপ্ত ন্যায়ধীশ অণিমা হাজৰিকাৰ আয়োগে ইয়াৰ তদন্ত কৰি ৩ মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। তেওঁ লগতে উল্লেখ কৰে যে কয়লাখনি দুৰ্ঘটনাত মৃত্যু হোৱা হোৱা মৃতকৰ পৰিয়াল আৰু নিৰুদ্দিষ্টৰ পৰিয়াললৈ ১০ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ’ব৷

আনহাতে, এই ঘটনাৰ তদন্তৰ বাবে আৰক্ষীৰ বিশেষ তদন্তকাৰী দল গঠন কৰাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে৷ ইতিমধ্যে ইয়াৰ বাবে আৰক্ষী সঞ্চালকক নিৰ্দেশ দিয়া বুলিও মুখ্যমন্ত্ৰীয়ে লগতে জনায়।
উল্লেখ্য যে ডিমা হাচাওৰ উমৰাংছু কয়লাখিনত যোৱা ৬ জানুৱাৰীত সংঘটিত দুৰ্ঘটনাত ৯ জনকৈ শ্ৰমিক খনিটোত আবদ্ধ হৈ পৰে। পিছদিনা এজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে পৰৱৰ্তী সময়ত আন তিনিটা মৃতদেহ উদ্ধাৰ হয়। কিন্তু আবদ্ধ আন পাঁচজন শ্ৰমিকৰ এতিয়াও কোনো সন্ধান উলিয়াব পৰা নাই উদ্ধাৰকাৰী দলে।