
দিল্লী বিধানসভা নিৰ্বাচন (Delhi Assembly Elections)ৰ দিন ঘোষণা (Day Announcement) নিৰ্বাচন আয়োগৰ। মঙলবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি ৫ ফেব্ৰুৱাৰী (February 5)ত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব আগন্তুক দিল্লী বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। ভোটগণনা অনুষ্ঠিত হ’ব ৮ ফেব্ৰুৱাৰীত। নতুন দিল্লীত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে এই ঘোষণা কৰে।

নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি, অহা ১০ জানুৱাৰীত জাৰি কৰা হ’ব দিল্লী বিধানসভা নিৰ্বাচনৰ অধিসূচনা। আনহাতে, মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ১৭ জানুৱাৰী। ১৮ জানুৱাৰীত মনোনয়ন-পত্ৰসমূহ পৰীক্ষা কৰা হ’ব। ইফালে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ২০ জানুৱাৰী।













