বৃহস্পতিবাৰে ঘোষণা হ’ল ২০২৪ বৰ্ষৰ মেজৰ ধ্যানচান্দ (Major Dhyan Chand) খেলৰত্ব বঁটা (Sports Award)। ক্ৰীড়া মন্ত্ৰালয়ে ঘোষণা কৰে ২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা (National Sports Awards, 2024)। এইবাৰ দেশৰ চাৰিগৰাকী ক্ৰীড়াবিদক প্ৰদান কৰা হৈছে দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান খেলৰত্ন বঁটা।
তেওঁলোক হৈছে ভাৰতৰ তাৰকা শ্বুটাৰ মনু ভাকেৰ (Shooter Manu Bhaker), দবা খেলুৱৈ গুকেশ ডি (Chess player Gukesh D), ভাৰতীয় পুৰুষ হকী দলৰ অধিনায়ক হৰমনপ্ৰীত সিং (Harmanpreet Singh) আৰু পেৰালিম্পিয়ান প্ৰবীণ কুমাৰ (Paralympian Praveen Kumar)।

উল্লেখযোগ্য যে শেহতীয়াকৈ সমাপ্ত হোৱা পেৰিছ অলিম্পিকত দুটাকৈ পদক লাভ কৰিছিল শ্বুটাৰ মনু ভাকেৰে। আনহাতে, বিশ্ব দবা চেম্পিয়নশ্বিপৰ বিজয়ী হৈ সৰ্বকনিষ্ঠ গ্ৰেণ্ড মাষ্টাৰ হিচাপে পৰিগণিত হৈছে গুকেশ ডি।
ক্ৰীড়া মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, এই ৪ গৰাকী খেলুৱৈক অহা ১৭ জানুৱাৰীত এই বঁটা প্ৰদান কৰা হ’ব। মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজন কৰা এক বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব।