
ডিচেম্বৰৰ শেষ সপ্তাহৰ পৰা সমগ্ৰ উত্তৰ ভাৰতত ঠাণ্ডাৰ প্ৰকোপ বৃদ্ধি পাইছে। বতৰ বিজ্ঞান বিভাগেও শীতপ্ৰবাহৰ সতৰ্কবাণী জাৰি কৰিছে। বিগত কিছুদিন ধৰি হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু জম্মু-কাশ্মীৰত ঠাণ্ডা বতৰৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বৰফ পৰিছে আৰু মাজে মাজে বৰষুণ দি আছে। আৰু এই দুৰ্যোগৰ বাবেই পৰ্যটকসকল বিপদত পৰিছে। বিশেষকৈ হিমাচল প্ৰদেশ (Himachal Pradesh)ত বিগত দুদিন ধৰি প্ৰচণ্ড তুষাৰপাত (Heavy snowfall)ৰ বাবে দুশৰো অধিক পথ বন্ধ (Road closed) হৈ আছে। বিভিন্ন পথত আবদ্ধ হৈ পৰিছে পৰ্যটক। বহু গাড়ীও আবদ্ধ হৈ আছে।

তিনিটা ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি হিমাচলত ২২৬টা পথ বন্ধ হৈ আছে। ইয়াৰে চিমলা (Shimla)ত ১২৩টা, লাহুল আৰু স্পিতিৰ ৩৬টা, কুল্লুৰ ২৫টা পথ বন্ধ (Road Closed)হৈ আছে। ঠাণ্ডা বতৰৰ বাবে ১৭৩ টা ট্ৰেন্সফৰ্মাৰ ক্ষতিগ্ৰস্ত হোৱাৰ বাবে ৰাজ্যজুৰি বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে। ৰাজ্যৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, ভুণ্টাৰত ৯.৭ মিলিমিটাৰ বৰফ পৰিছে। ৰামপুৰত ৯.৪ মিলিমিটাৰ, চিমলাত ৮.৪, বাজোৰাত ৮, ছিওবাগত ৭.২, মানালী ৭, মাণ্ডিত ৫.৪ মিলিমিটাৰ।
শুকুৰবাৰৰ পৰা দেওবাৰলৈ ৰাজ্যৰ কম সংখ্যক অঞ্চল বিশেষকৈ চিমলাত নতুনকৈ বৰফ পৰাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে নতুন বছৰতো বৰফ পৰাৰ ভৱিষ্যদ্বাণী কৰিছে। যোৱা ২৪ ঘণ্টাত কোকছাৰত ৫.৬ চেমি বৰফ পৰিছে। খদৰালা আৰু চিলাৰুত ৫ চেমি, পুতেত ২, চাংলাত ১.২, কেলং, গোণ্ডলা আৰু জাটত ১ চেমি। টাবোৰ তাপমাত্ৰা হিমাংকৰ তললৈ ১০ ডিগ্ৰী হ্ৰাস পাইছে। মাণ্ডী, মানালী, উনা, হামিৰপুৰ, সুৰেন্দ্ৰনগৰত অব্যাহত থাকিব শীতপ্ৰবাহ।










