
ফুটপাথৰ এটাফালে কিছু শ্ৰমিক শুই আছিল। কাষতে আছিল সৰু সৰু ল’ৰা-ছোৱালীও। কিন্তু গভীৰ নিশা চালকে তীব্ৰবেগী ট্ৰাক উঠাই দিলে তেওঁলোকৰ ওপৰত। ফলত শুই থকা অৱস্থাতে মৃত্যু হয় তিনিজন লোকৰ। আনহাতে, আহত হয় আন ৬ জন।

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পুনেত। দেওবাৰে নিশা প্ৰায় ১২.৩০ বজাত কেছনাদ ফাটো অঞ্চলৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। আৰক্ষীয়ে জনোৱা মতে, অঞ্চলটোত একাংশ শ্ৰমিকে এটা অট্টালিকা নিৰ্মাণৰ কাম কৰি আছিল। কামৰ অন্তত ফুটপাথৰ এফালে শুই আছিল। দেওবাৰে কৰ্মসূত্ৰে তেওঁলোক আমৰাৱতীৰ পৰা পুনেলৈ আহিছিল।
কিন্তু আহি পোৱাৰ কেইঘণ্টামানৰ ভিতৰতে এই দুৰ্ঘটনাটো সংঘটিত হয়।নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখন ফুটপাথৰ ওপৰেৰে উঠাই লৈ যায় সুৰামত্ত ট্ৰাক চালকে। ফলত ট্ৰাকখনে কেইবাজনো শুই থকা ব্যক্তিক মহটিয়াই নিয়ে। নিহতসকলৰ ভিতৰত দুটা শিশুও আছে।
নিশাই তেওঁলোকক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই ঘটনাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ট্ৰাক চালকজনক। ট্ৰাকখন জব্দ কৰা হৈছে। জানিব পৰা মতে চালকজনে মদ্যপান কৰি আছিল। ইয়াৰ বাবেই তেওঁ নিয়ন্ত্ৰণ হেৰুৱায়। দুৰ্ঘটনাটোৰ তদন্ত অব্যাহত আছে।










