ASSAM TIMES POST
নিউজ ডেক্সঃ
নিউজীলেণ্ডৰ বিৰুদ্ধে টি-২০ মেছৰ দ্বিতীয়খনত সাত উইকেটত জয়ী হ’ল টিম ইণ্ডিয়া৷ দেওবাবে অকলেণ্ডত অনুষ্ঠিত শৃংখলাৰ দ্বিতীয়খন মেছত ১৫টা বল বাকী থকাৰ সময়তে জয়ী হয় বিৰাট কোহলিৰ নেতৃত্বতাধীন টিম ইণ্ডিয়া৷ ফলত পাঁচখনীয়া শৃংখলাটোত ভাৰতে ২-০ অগ্ৰগতি লাভ কৰিছে৷
টছত জয়ী হৈ পোনতে বেটিং কৰি নিউজীলেণ্ডে নিদ্ধাৰিত ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত ১৩২ ৰান কৰে৷ মূলত ভাৰতীয় বলাৰৰ সন্মুখত দিশহাৰা হৈ পৰে কিৱি দলটো৷ নিউজীলেণ্ডৰ মাৰ্টিন গুপটিল আৰু টিম ছিফাৰ্টে সৰ্বাধিক ৩৩ ৰান কৰে৷ অৱশ্যে ছিফাৰ্ট অপৰাজিত হৈ ৰয়৷ আনহাতে নিউজীলেণ্ডৰ ক’লিন মুনৰুৱে ২৬ ৰান কৰে৷ ভাৰতৰ ৰবীন্দ্ৰ জাদেজাই ৪ অভাৰত ১৮ ৰানৰ বিনিময়ত দুটা উইকেট লাভ কৰে৷ আনহাতে মহম্মদ স্বামী আৰু যশপ্ৰীত বুমৰাহে নিয়ন্ত্ৰিত বলিং কৰি নিউজীলেণ্ডক ৰানৰ আশা নিৰ্বাপিত কৰে৷
ইপিনে, বেটিং কৰি মাত্ৰ ৮ ৰান কৰিয়ে ক্ৰিজৰ পৰা বিদায় লয় ৰোহিত শৰ্মাই৷ তদুপৰি ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলিয়ে ১২টা বলত ১১ ৰান কৰি বিদায় লয়৷ কিন্তু কে এল ৰাহুলে ৫০ টা বলত অপৰাজিত ৫৭ ৰান আৰু শ্ৰেয়াছ আয়াৰে ৪৪ ৰান কৰি ভাৰতৰ জয়ৰ পথ প্ৰশস্ত কৰে৷ ফলত ১৭.৩ অভাৰত ভাৰত ৩ উইকেটত ১৩৫ ৰান কৰি জয়ী হয়৷ নিউজীলেণ্ডৰ টিম ছাউদিয়ে ৩.৩ অভাৰত ভাৰতৰ দুটা উইকেট লাভ কৰে৷