ASSAM TIMES POST
ডিফুঃ ৰাষ্ট্ৰীয় দৰবাৰত অসম তথা পাহাৰীয়া জিলা কাৰবি আংলঙৰ সুনাম কঢ়িয়াই নিয়া স্বৰ্ণ কণ্যা পূজা বসুমতাৰীক আজি গৃহ জিলা কাৰবি আংলঙক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷সদ্য সামৰণি পৰা গুৱাহাটীত অনুষ্ঠিত ‘খেল’ ইণ্ডিয়া’ত অসমৰ হৈ প্ৰথমটো স্বৰ্ণ পদক আজুৰি আনিবলৈ সক্ষম হোৱা আন্তঃৰাষ্ট্ৰীয় জুডো খেলুৱৈ, অসম গৌৰৱ গ’ল্ডেন গাৰ্ল “পূজা বসুমতাৰী” আজি উপস্থিত হয় গৃহ ভূমি লাংহিনত। স্বাভাৱিকতে লাংহিনত সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশ। বিভিন্ন দল-সংগঠনে এইদৰেই মৰমেৰে উপচাই দিয়ে পূজাক। লাংহিনৰ ৰাজপথত উলিওৱা হয় এক বৰ্ণিল শোভাযাত্ৰা। লাংহিন ক্ৰীড়া সন্থাৰ উদ্যোগত গৰৈমাৰী খেলপথাৰত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত পূজাক দেখা গ’ল সম্পূৰ্ণ বড়ো পৰম্পৰাগত সাজপাৰৰ সৈতে, দেখা গ’ল বাগৰুম্বাৰ তালে-তালে নৃত্য কৰা। স্বৰ্ণ লাভৰ পিছত গৃহ ভূমিত উপস্থিত হৈ উৎফুল্লিত পূজাই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে লাংহিন তথা কাৰ্বি আংলঙত এতিয়াও খেলুৱৈৰ বাবে অনুকূল পৰিৱেশ নাই তাৰ মাজতো দৃঢ়তা থাকিলে জয় নিশ্চিত, ভৱিষ্যতে কঠোৰ পৰিশ্ৰম কৰি যাব বুলিও কয়।












