কাৰ্বি আংলং জিলাতো আজি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড বিতৰণ কৰা হয়।এই উপলক্ষে ডিফুৰ লাংকুং হাবে প্ৰেক্ষাগৃহত এক অনুষ্ঠানৰ আয়োজন কৰা হয়।অনুষ্ঠানত ডিফু বিধানসভা সমষ্টিৰ মুঠ৭৪৩০ টা পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰা হয়। ৰেচন কাৰ্ডসমূহ প্ৰদান কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে।

আজিৰ দিনটোত জিলাখনৰ পাঁচটা বিধান সভা সমষ্টিত মুঠ ৪৫ হাজাৰ ৰেচন কাৰ্ড বিতৰণ কৰা হয় বুলি সদৰি কৰিলে পৰিষদৰ CEM তুলিৰাম ৰংহাঙে।অনুষ্ঠানত স্থানীয় বিধায়ক বিদ্যাছিং ইংলেং,জিলা আয়ুক্ত নিৰলা ফাংছ’পী প্ৰমুখ্যে পৰিষদৰ একাংশ পৰিষদৰ সদস্য উপস্থিত থাকে।