ৰাণী এলিজাবেথে (Queen Elizabeth) ৰাজ অভিষেকৰ মুকুট পিন্ধি (Wearing a crown) স্নানাগাৰতো প্ৰৱেশ কৰিছিল (Entered the bathroom too)। ৰজা তৃতীয় চাৰ্লছে (King Charles III) মাতৃৰ এই গোপন তথ্য ফাদিল (Secret Information Leak) কৰে। আনহাতে, মুকুটটোৰ ওজন ইমানেই আছিল যে ৰাণীয়ে প্ৰায়ে ইয়াক স্বাভাৱিকভাৱে ৰাখিবলৈ চেষ্টা কৰিছিল। শেহতীয়াকৈ ৰজা তৃতীয় চাৰ্লছে তেওঁৰ শৈশৱৰ স্মৃতিসমূহ ৰোমন্থন কৰে।
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, শেহতীয়াকৈ ১২ গৰাকী কানাডিয়ান বৃদ্ধাই ৰজা তৃতীয় চাৰ্লছক লগ কৰিবলৈ আহিছিল। ইয়াৰ পূৰ্বে তেওঁলোকে বাকিংহাম প্ৰাসাদতো ৰজা তৃতীয় চাৰ্লছক লগ পাইছিল। এই ১২ গৰাকী বৃদ্ধাই ১৯৫৩ চনত ৰাণী এলিজাবেথৰ ৰাজ অভিষেকত অংশগ্ৰহণ কৰিছিল। চাৰ্লছে তেওঁলোকক লগ পোৱাৰ পিছত মাতৃৰ কাহিনী প্ৰকাশ কৰে।
চাৰ্লছে কয় যে কেতিয়াবা ৰাণী এলিজাবেথে ৰাজ অভিষেকৰ মুকুট পিন্ধি স্নানাগাৰতো প্ৰৱেশ কৰিছিল। চাৰ্লছ আৰু এনি তেতিয়া একেবাৰে সৰু আছিল। এদিন তেওঁলোকক গা ধুৱাই থাকোঁতে মাতৃয়ে মুকুট পিন্ধি স্নানাগাৰত সোমাই যায়। যিটো দেখি দুই ভাতৃ-ভগ্নী স্তম্ভিত হৈ পৰে। পিছত গম পায় যে গধুৰ মুকুট পিন্ধি যাতে স্বাভাৱিকভাৱে থাকিব পাৰে আৰু খোজকাঢ়িব পাৰে তাৰ বাবেই ৰাণী এলিজাবেথে মুকুট পিন্ধি ঘৰত ঘূৰি ফুৰিছিল।
চাৰ্লছে লগতে কয়, “ৰাণীয়ে এটা নিৰ্দিষ্ট সময়ৰ বাবে গধুৰ মুকুট পিন্ধিব লাগিছিল। মুকুটটো যিমান গধুৰ সিমানেই ওখ। দীৰ্ঘ সময় ধৰি স্বাভাৱিকভাৱে কথা ক’বলৈ যাতে অসুবিধা নহয় তাৰ বাবে তেওঁ অভ্যাস কৰিছিল। সেই শৈশৱৰ স্মৃতি এতিয়াও অমলিন।”