ডিচেম্বৰৰ দ্বিতীয় সপ্তাহত হাড় কঁপোৱা ঠাণ্ডাত অৱস্থা কাহিল দিল্লীৰ সাধাৰণ জনতাৰ (Delhi Temperature) । বুধবাৰে নিশা নূন্যতম তাপমাত্ৰা তীব্ৰভাৱে হ্ৰাস পায়। ২৪ ঘন্টাত সৰ্বনিম্ন তাপমাত্ৰা প্ৰায় ৪ ডিগ্ৰী চেলছিয়াছ হ্ৰাস পায়।
বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিয়া মতে আৰু কেইদিনমানৰ বাবে দিল্লীত শীতল বতৰ অব্যাহত থাকিব। বতৰ বিভাগৰ তথ্য অনুসৰি, বুধবাৰে নিশা দিল্লীৰ সৰ্বনিম্ন তাপমাত্ৰা ৪.৯ ডিগ্ৰী চেলছিয়াছ।
১৪ বছৰৰ পাছত ডিচেম্বৰৰ আৰম্ভণিতে দিল্লীৰ নূন্যতম উষ্ণতা ৫ ডিগ্ৰী চেলছিয়াছৰ তললৈ নামি আহে। মঙলবাৰে দিল্লীৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল ৮ ডিগ্ৰী চেলছিয়াছ। এদিনৰ ভিতৰতে তাপমাত্ৰা প্ৰায় ৪ ডিগ্ৰী চেলছিয়াছ হ্ৰাস পায়। পৰিসংখ্যা অনুসৰি, ১৯৮৭ চনৰ ৬ ডিচেম্বৰত দিল্লীৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল ৪.১ ডিগ্ৰী চেলছিয়াছ।
বুধবাৰৰ পৰা দিল্লীত আৰম্ভ হৈছে শীত প্ৰবাহ। অহা শুকুৰবাৰলৈকে দিল্লীত ই অব্যাহত থাকিব। সৰ্বনিম্ন তাপমাত্ৰা ৪ৰ পৰা ৬ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত হ’ব। ইয়াৰ বাবে দিল্লীত জাৰি কৰা হৈছে হালধীয়া সতৰ্কবাণী। পশ্চিম মৌচুমী আঁতৰি যোৱাৰ লগে লগে দিল্লীত তাপমাত্ৰা হ্ৰাস পায়।
২০২৩ আৰু ২০২২ চনৰ ডিচেম্বৰ মাহত দিল্লীত কোনো ধৰণৰ শীত প্ৰবাহ নাছিল। ২০২০ চনৰ নৱেম্বৰ মাহত দিল্লীত দেখা গৈছিল শীত প্ৰবাহ। পুনৰ এইবাৰ ডিচেম্বৰৰ দ্বিতীয় সপ্তাহত দিল্লীত শীত প্ৰবাহৰ সতৰ্কবাণী জাৰি কৰা হয়।