দেওবাৰে বিয়লি প্ৰায় ৪ বজাত কাৰ্বি আংলং জিলাৰ জ্যেষ্ঠ সাংবাদিক মুকুল চন্দ্ৰ বৰুৱাৰ সাংবাদিকৰ জলঙাইদি শীর্ষক এখন গ্রন্থ আজি ডিফু ক্লাবত উন্মোচন কৰা হয়। কার্বি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্রছিং ক্র’ৱে উন্মোচন কৰা গ্রন্থ উন্মোচনী সভাখন সঞ্চালনা কৰে বিশিষ্ট কবি ধনেশ্বৰ ইংতিয়ে। বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেং।

অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ কুসুম্বব বৰা, জ্যেষ্ঠ সাংবাদিক নগেন বৰা, বিশিষ্ট লেখক-সাংবাদিক পৱিত্র বৰা এই গ্রন্থ উন্মোচনী সভাত উপস্থিত থাকে। গ্রন্থ উন্মোচন কৰি চন্দ্রছিং ক্র’ৱে মুকুল চন্দ্র বৰুৱাৰ কাৰ্বি আংলঙব সামাজিক আৰু বৌদ্ধিক দিশত থকা অৰিহণাৰ কথা স্মৰণ কৰাৰ লগতে বৰুৱাই সম্পাদনা কৰা পাহাৰী দূত কাকতখনৰ সম্পর্কে বক্তব্য ৰাখে।
ড০ কুসুম্বৰ বৰুবাই এজন সাংবাদিকৰ গুণাগুণ সম্পর্কে এক সাৰুৱা বক্তব্য প্রদান কৰে। লেখকৰ কিতাপখন প্রকাশ সম্পর্কে প্রদান কৰা ভাষণত বৰুৱাই পাহাৰী দূত কাকতত তেওঁৰ দ্বাৰা লিখা সম্পাদকীয়সমূহ এই কিতাপখনত সন্নিবিষ্ট কৰা বুলি উল্লেখ কৰি বিভিন্ন সময়ত সমাজ জীৱনৰ ওপৰত আধাৰ কৰি এই সম্পাদকীয়সমূহ লিখা হৈছিল বুলি উল্লেখ কৰে। গ্রন্থখন সুধী সমাজে আকোঁৱালি লবলৈ আহ্বান জনায় ৷