মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছৰ প্ৰথমখন ছবি (Film) হৈছে আইৰন মেন (Iron Man)। ছবিখনত ৰবাৰ্ট ডাউনী জুনিয়ৰে (Robert Downey Jr.) আইৰন মেনৰ চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনৰ দ্বিতীয় সংস্কৰণত টেছলাৰ চিইঅ’ ইলন মাস্কে (Elon Musk) ৰবাৰ্টৰ সৈতে সৰু চৰিত্ৰ এটাত অভিনয় কৰিছিল। পিছত মাৰ্ভেলৰ কাৰ্যবাহীসকলে কয় যে আইৰন মেন টনি ষ্টাৰ্কৰ চৰিত্ৰটো মাস্কৰ পৰাই অনুপ্ৰাণিত। ভৱিষ্যতে মাস্ককেই আইৰন মেন হিচাপে দেখা যাব নেকি? ছ’চিয়েল মিডিয়াত তেওঁৰ এটা পোষ্টে সেই জল্পনা-কল্পনাক ইন্ধন যোগাইছে।
দেওবাৰে মাস্কে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত নিজৰ এখন ছবি পোষ্ট কৰে। তাত তেওঁ আইৰন মেনৰ চুট পিন্ধা দেখা গৈছে। উক্ত ছবিখন ভাইৰেল হ’বলৈ বেছি সময় নালাগিল। আনকি কিছুমানে তেওঁক ৰবাৰ্টৰ লগত তুলনা কৰিবলৈও আৰম্ভ কৰে। এজনে লিখিছে, “ইলন মাস্কে ৰবাৰ্ট ডাউনী জুনিয়ৰতকৈ আইৰন মেনৰ চৰিত্ৰত ভালকৈ ফিট হ’ব।”
২০২২ চনত আইৰন মেন-২ৰ চিত্ৰনাট্যকাৰ মাৰ্ক ফাৰ্গাছে এক সাক্ষাৎকাৰত কৈছিল যে ছবিখনত ৰবাৰ্টৰ চৰিত্ৰটো মাস্ক, ড’নাল্ড ট্ৰাম্প আৰু ষ্টিভ জবছৰ সংমিশ্ৰণ। শেহতীয়াকৈ মাস্কে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ খিতাপ লাভ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পিছত টেছলাৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি পাইছে ৪০ শতাংশ। তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে ৩২১ বিলিয়ন ডলাৰ।