উপ-নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় প্ৰদৰ্শন অব্যাহত আছে। পাঁচটা সমষ্টিৰ চাৰিটা কংগ্ৰেছে দখল কৰিব বুলি দাবী কৰি থকা কংগ্ৰেছে শূন্যতে সন্তুষ্ট থাকিবলগা হ’ল। তাতোকৈ ডাঙৰ কথা কংগ্ৰেছ তথা বৰ্তমানৰ সাংসদ আৰু এসময়ৰ বিধায়ক ৰকিবুল হুছেইনৰ দুৰ্গও সুৰক্ষিত নহ’ল।
চামগুৰি সমষ্টি (Samguri Constituency)ও দখল কৰে বিজেপি (possession of BJP)য়ে। সমষ্টিটোৰ পাঁচবাৰৰ বিধায়ক ৰকিবুল হুছেইনে পুত্ৰ তানজিল হুছেইনৰ জৰিয়তে সমষ্টিটোত আধিপত্য বজাই ৰখাৰ যি চিন্তা কৰিছিল সেয়া সফল নহ’ল। প্ৰায় ২৩ হাজাৰ ভোটৰ ব্যৱধানত চামগুৰিত বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা (BJP candidate Dipluranjan Sharma)ই জয়লাভ (Win) কৰে।
বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ বিৰুদ্ধে ২২,৭৫৫ টা ভোটত জয়লাভ কৰে। দিপ্লুৰঞ্জন শৰ্মাই ৭৮,৬২৮ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ তানজিল হুছেইনে লাভ কৰে ৫৫,৮৭৩ টা ভোট। লগে লগে চামগুৰিত অন্ত পৰে এটা ৰাজনৈতিক অধ্যায়ৰ।