
মঙলবাৰে সন্ধিয়া ৫ বজাত ডিফু (In Diphu)ত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা (Dr. Bhupen Hazarika)ৰ ত্ৰয়োদশ সংখ্যক মৃত্যু দিৱস (13th Death Anniversary)ৰ লগত সংগতি ৰাখি শ্রদ্ধাঞ্জলি অনুষ্ঠান (Tribute ceremony) অনুষ্ঠিত হয়। বিভিন্ন সৃষ্টিশীল নৃত্য প্রতিযোগিতা (ভূপেন্দ্ৰ সংগীতৰ আধাৰত) ক আৰু খ শাখাত অনুষ্ঠিত হয়।

সন্ধিয়া, ৫ বজাত ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত বন্তি প্রজ্বলন কৰা হয়। ডিফু ক্লাবৰ সভাপতি ৰবীন গোস্বামীয়ে বন্তি প্রজ্বলন কৰে। ইয়াৰ পিছতে ভূপেন্দ্ৰ সংগীতৰ আধাৰত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাই সকলো দৰ্শকক আপ্লুত কৰে ৷ সন্ধিয়া ৬ বজাত গীত আৰু সুৰেৰে এক অন্তৰংগ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। এই অন্তৰংগ এসন্ধ্যা উদ্বোধন কৰে ডিফু কলা কেন্দ্ৰৰ সভাপতি মুকুল চন্দ্ৰ বৰুৱাই।












