
বৃহস্পতিবাৰে সন্ধিয়া ৬ মান বজাত ডিফুৰ ঝিলপাৰত সন্দেহজনক হেৰইন সহ এজন লোকক আটক কৰিবলৈ সক্ষম হয় ডিফু আৰক্ষীয়ে ৷ ডিফু ঝিলপাৰ এলেকাত ড্ৰাগছ কিনা-বেছা কৰাৰ খবৰ লাভ কৰি উপ আৰক্ষী অধীক্ষক ত্ৰিণয়ন চমুৱাৰ নেতৃত্বত ডিফু থানাৰ আৰক্ষীৰ এটা দলে স্থানীয় ৰাইজৰ সহযোগত ডিফুৰ ঝিলপাৰ এলেকাত তালাচী চলাই এখন ভাড়া ঘৰৰ পৰা কৰায়ত্ত কৰে হেমাৰী কিলিংঙ নামৰ এজন লোকক ৷ডিফুৰ ঝিলপাৰত ভাড়াতীয়া হিচাপে আছিল কিলিং।

আৰক্ষীয়ে হেমাৰী কিলিঙৰ পৰা দুটা কনটেইনাৰত হেৰইনখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ অধিক তথ্যৰ আহৰণৰ বাবে লোকজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷












