
১৯৭৬ চনত ৪২ সংখ্যক সংশোধনীৰ জৰিয়তে সংবিধানৰ প্ৰস্তাৱনাত ‘সমাজবাদী’ (Socialist) আৰু ‘ধৰ্মনিৰপেক্ষ’ (Secular) শব্দ সন্নিবিষ্ট কৰা হয়। এইক্ষেত্ৰত বলৰাম সিং, বিজেপি নেতা সুব্ৰমণিয়ম স্বামী আৰু অশ্বিনী উপাধ্যায়ে ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয় (Supreme Court)ত গোচৰ ৰুজু কৰে। সোমবাৰে ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰৰ বিচাৰপীঠে ইয়াৰ শুনানি গ্ৰহণ কৰে। শুনানিত ন্যায়াধীশ খান্না (Justice Khanna)ই কয়, “কেইবাটাও ৰায়দানত স্পষ্ট হৈ পৰিছে যে ধৰ্মনিৰপেক্ষতা সংবিধানৰ মৌলিক গাঁথনি (Secularism is the basic structure of the Constitution)ৰ এক অবিচ্ছেদ্য অংগ (integral part) আছিল। সমতা আৰু ভ্ৰাতৃত্ববোধ শব্দ দুটা আৰু সংবিধানৰ তৃতীয় অধ্যায়ত সন্নিৱিষ্ট অধিকাৰসমূহলৈ চালে স্পষ্ট হৈ পৰে যে ধৰ্মনিৰপেক্ষতাক সংবিধানৰ মূল বৈশিষ্ট্য হিচাপে দেখা যায়।”

আনহাতে, অধিবক্তা বিষ্ণুশংকৰ জৈনে দাবী কৰে যে সমাজবাদে ব্যক্তিৰ স্বাধীনতাক ক্ষতিগ্ৰস্ত কৰে বুলি বি আৰ আম্বেদকাৰে বিশ্বাস কৰিছিল। ইয়াৰ উত্তৰত ন্যায়াধীশ খান্নাই কয়, “সমাজবাদৰ অৰ্থ হৈছে সুযোগ আৰু ধনৰ সমতাও। আমি শব্দটো পশ্চিমীয়া অৰ্থত নেদেখিলে ভাল পাম!”
ইফালে স্বামীয়ে প্ৰশ্ন উত্থাপন কৰে, “সংবিধানৰ প্ৰস্তাৱনা ১৯৪৯ চনৰ ২৬ নৱেম্বৰত গ্ৰহণ কৰা হয়। তাৰ পিছত শব্দ যোগ কৰাটো স্বেচ্ছাচাৰী। এনে লাগিব পাৰে যে ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ধৰ্মনিৰপেক্ষতা আৰু সমাজবাদ ঘোষণা কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।” এই প্ৰসংগত ন্যায়াধীশ খান্নাই কয়, “সেই শব্দটো দুটা ব্ৰেকেটত আছে। ফলত যিকোনো ব্যক্তিয়েই বুজিব যে সেয়া পিছৰ সংযোজন।”
তেওঁ উল্লেখ কৰে যে জাতিৰ ‘ঐক্য’ আৰু ‘সংহতি’ শব্দবোৰো পিছৰ সংযোজন। অহা সপ্তাহত ইয়াৰ ওপৰত পুনৰ শুনানি অনুষ্ঠিত হ’ব।










