
পাকিস্তানৰ কৰাচী বিমানবন্দৰ (Pakistan’s Karachi airport) এলেকাত বিস্ফোৰণ (Explosion)ৰ ঘটনা। দেওবাৰে নিশা সংঘটিত এই বিস্ফোৰণৰ ফলত ৩ চীনা নাগৰিকৰ মৃত্যু (3 Death of Chinese national) হয়। আন বহু লোক আহত হয়। তেওঁলোকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। ঘটনাৰ পিছতে কৰাচী বিমানবন্দৰত জাৰি কৰা হয় ‘হাই এলাৰ্ট’। সাধাৰণ মানুহৰ চলাচলতো কৰ্তৃপক্ষই নিয়ন্ত্ৰণ কৰিছে।
বিস্ফোৰণৰ কেইবাটাও ভিডিঅ’ বিয়পি পৰিছে। কেইবাটাও ভিডিঅ’ত বিস্ফোৰণৰ তীব্ৰতা বন্দী কৰা হৈছে। ইফালে ঘটনাৰ পিছতে আৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰে। পাকিস্তানৰ বিভিন্ন স্থানীয় সংবাদ মাধ্যমৰ বাতৰিয়ে দাবী কৰিছে যে এই বিস্ফোৰণ ইমানেই জোৰেৰে সংঘটিত হয় যে চহৰখনৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াৰ শব্দ শুনা যায়।

আনহাতে, জিঅ’ নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ভাৰপ্ৰাপ্ত গৃহমন্ত্ৰী জিয়া-উল হাছানে কয় যে আই ই ডি বিস্ফোৰক ব্যৱহাৰ কৰা হৈছে। এই বিস্ফোৰণৰ আঁৰত আছে বেলুচ লিবাৰেচন আৰ্মী। ইফালে দেওবাৰে নিশা কৰাচী বিমানবন্দৰত অৱতৰণ কৰা চীনৰ কেইজনমান অভিযন্তাৰ কনভয়ক লক্ষ্য কৰি আক্ৰমণ কৰা হয়। তেওঁলোকে পাকিস্তানৰ প’ৰ্ট কাছিমত চীনৰ পুঁজিৰে চলি থকা শক্তি প্ৰকল্প পৰিদৰ্শন কৰাৰ কথা আছিল।
ইফালে এই ঘটনাৰ বাবে চীনে পাকিস্তানক দোষাৰোপ কৰে। এই ঘটনাক তীব্ৰ গৰিহণা দিছে দেশখনৰ দূতাবাসে। ইয়াৰ উপৰি আক্ৰমণৰ সম্পূৰ্ণ তদন্তৰো দাবী জনায়। লগতে দূতাবাসে এই প্ৰকল্পৰ সৈতে জড়িত চীনা নাগৰিকসকলৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈও অনুৰোধ জনাইছে।










