
বেংগালুৰুত এগৰাকী মহিলাক হত্যা (Female murder in Bengaluru)ৰ পিছত মৃতদেহটো ৩০ টুকুৰা কৰি ফ্ৰীজত ৰখা হয়। বুধবাৰে ওড়িশাত উদ্ধাৰ হয় অভিযুক্তৰ মৃতদেহ (Body of accused found in Odisha)। লগতে এখন ‘চুইচাইড নোট’ও উদ্ধাৰ (‘Suicide Note’ also recovered) কৰা হৈছে। কিন্তু কি আছে এই পত্ৰত?
আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত লোকজনৰ নাম মুক্তিৰঞ্জন ৰায় (Muktiranjan Roy)। বুধবাৰে ওড়িশাৰ ভদ্ৰক জিলাত তেওঁৰ মৃতদেহ গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হয়। তেওঁ আছিল মৃত মহিলাগৰাকীৰ সহকৰ্মী তথা ঘনিষ্ঠ বন্ধু। সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, ৰঞ্জনে এসপ্তাহ পূৰ্বে বাংগালুৰু এৰি থৈ গৈ বুধবাৰে পাণ্ডীৰ নিজৰ গাঁৱত উপস্থিত হয়। তেতিয়াৰে পৰা তেওঁ গোটেই দিনটো ঘৰতে সোমাই থাকে। ইয়াৰ পিছত চুবুৰীয়াই নিশা তেওঁৰ চিপ লোৱা মৃতদেহ উদ্ধাৰ কৰে।

ইফালে ব্যক্তিজনৰ মৃতদেহৰ সমীপত উদ্ধাৰ হৈছে এখন ‘চুইচাইড নোট’। এই পত্ৰৰ উৎসৰ পৰাই আৰক্ষীয়ে গম পায় যে হত্যাৰ পূৰ্বে ৰঞ্জন আৰু হত্যা কৰা মহিলাগৰাকীৰ মাজত ভিয়ালিকাভালৰ ফ্লেটত কাজিয়া হৈছিল। বিবাদ তীব্ৰতৰ হোৱাৰ লগে লগে ৰঞ্জনে নিয়ন্ত্ৰণ হেৰুৱাই গধুৰ বস্তুৰে তেওঁৰ মূৰত খুন্দা মাৰে। তাৰ বাবেই মৃত্যু হয়। ইয়াৰ পিছত ৰঞ্জনে তেওঁৰ শৰীৰটো টুকুৰা-টুকুৰ কৰি ফ্ৰীজত ৰাখিলে।
যোৱা শনিবাৰে বেংগালুৰুৰ এটা কোঠাৰ ফ্লেটৰ পৰা ত্ৰিপুৰাৰ এগৰাকী মহিলাৰ মৃতদেহ ৩০ টুকুৰা হৈ থকা অৱস্থাত উদ্ধাৰ হয়। কমেও দুসপ্তাহ ধৰি ফ্ৰীজত থকাত তেওঁৰ শৰীৰৰ অংগবোৰ পচি গৈছিল। মৃতকৰ নাম মহালক্ষ্মী। তেওঁ বাংগালুৰুৰ ভিয়ালিকাভাল অঞ্চলৰ এটা কোঠাৰ ফ্লেটত বাস কৰিছিল। ইয়াৰ পিছত বুধবাৰে উদ্ধাৰ কৰে অভিযুক্তৰ মৃতদেহ। অৱশ্যে আৰক্ষীয়ে এতিয়াও তদন্ত অব্যাহত ৰাখিছে যে কেৱল বিবাদৰ বাবেই হত্যাকাণ্ড সংঘটিত হৈছিল, নে হত্যাৰ আঁৰত আন কিবা কাৰণো আছে?











