ASSAM TIMES POST
ডিফুঃ ৩১ সংখ্যক পথ সুৰক্ষা সপ্তাহ ২০২০ক লৈ আজি ডিফু নগৰ আৰক্ষী চকীত এক সজাগতা সভা অনুষ্ঠিত হৈ যায় ৷ যোৱা ১১ জানুৱাৰীৰ পৰা ১৭ জানুৱাৰীলৈকে চলা ৩১ সংখ্যক পথ সুৰক্ষা সপ্তাহ শুকুৰবাৰে সামৰণি পৰে যদিও শনিবাৰে ডিফু নগৰ আৰক্ষী চকীৰ উদ্যোগত অনুষ্ঠিত হয় পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সভা ৷

সজাগতা সভাটিৰ উদ্দেশ্য বাখ্যা কৰে ডিফু নগৰ আৰক্ষী চকীৰ যান- বাহন বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া মনজিৎ তেৰাঙে ৷ আজিৰ সভাত ডিফু নগৰ আৰক্ষী চকীৰ আৰক্ষী, জিলা পৰিবহন বিভাগ, ছাত্ৰ-ছাত্ৰী, জনসাধাৰণ, গাওঁৰক্ষী বাহিনীয়ে অংশ গ্ৰহণ কৰে ৷ সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে কাৰবি আংলং জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক( মুখ়্য) নাহিদ কৰিশ্মা আৰু এমভিআই এইছএম শইকীয়া আৰু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাওকাম চাংচেন ৷
উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা আৰু এমভিআই. এইছএম শইকীয়াই পথ সুৰক্ষা আৰু নতুন যান-বাহন আইন সন্দৰ্ভত বিস্তৃত বাখ্যা আগবঢ়ায় ৷ ইয়াৰ পিছত ডিফু চহৰৰ ৪ নং পুলিছ পইণ্টৰ পৰা ১ নং পুলিচ পইণ্টলৈ পথ সুৰক্ষা সন্দৰ্ভত এক সজাগতা সমদল বাহিৰ কৰা হয় ৷












