
ওড়িশা (Odisha)ত কৰ্তব্যত অৱহেলা আৰু থানাত সেনা বিষয়াৰ প্ৰেমিকাক হাৰাশাস্তি কৰাৰ অপৰাধত ৫জন আৰক্ষীক নিলম্বন (Police suspended) কৰা হয়। একে সময়তে ৰাষ্ট্ৰীয় মহিলা আয়োগে তেওঁলোকক অনুশাসন উলংঘাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। লগতে এই সন্দৰ্ভত প্ৰতিবেদন বিচাৰি আৰক্ষীৰ ওচৰত স্বতঃপ্ৰণোদিত গোচৰ ৰুজু কৰে।
যোৱা দেওবাৰে নিশা সংঘটিত হয় এই ঘটনা। ভুৱনেশ্বৰত এগৰাকী সেনা বিষয়াৰ প্ৰেমিকাৰ এখন ৰেষ্টুৰেণ্ট আছে। পুৱা প্ৰায় ১ বজাত ৰেষ্টুৰেণ্টখন বন্ধ কৰি বন্ধু এজনৰ সৈতে তেওঁ ঘৰলৈ উভতি আহি আছিল। সেই সময়ত এদল যুৱকে তেওঁলোকক আক্ৰমণ কৰে। ইয়াৰ পিছত এজাহাৰ দাখিল কৰিবলৈ ভৰতপুৰ থানালৈ যায়।

মহিলাগৰাকীয়ে অভিযোগ কৰে যে থানাত বগা কাপোৰ পিন্ধা এগৰাকী মহিলা কনিষ্টবলহে আছিল। বিষয়টো তেওঁক অৱগত কৰা হৈছিল। কিন্তু অভিযোগ অনুসৰি তেওঁলোকক সহায় নকৰাকৈয়ে কনিষ্টবলজনে তেওঁলোকক গালি-গালাজ কৰিবলৈ আৰম্ভ কৰে আৰু তেওঁলোকক থানাৰ পৰা ওলাই যাবলৈ কয়। সেই সময়ত কেইজনমান পুৰুষ আৰক্ষী তালৈ আহিছিল আৰু তেওঁৰ বন্ধুক লিখিত অভিযোগ দাখিল কৰিবলৈ কোৱা হৈছিল। লিখিত অভিযোগ দিয়াৰ পিছতেই তেওঁৰ বন্ধুক লকআপত আবদ্ধ কৰি ৰখা বুলি দাবী কৰে মহিলাগৰাকীয়ে। তেওঁ কয়, “মোৰ বন্ধুক কিয় লকআপত ৰখা হ’ল নাজানো। সেনা বিষয়া এজনক এনেদৰে আটক কৰিব নোৱাৰি বুলি প্ৰতিবাদ কৰাৰ সময়ত মহিলা কনিষ্টবল দুগৰাকীয়ে মোক মাৰপিট কৰিবলৈ ধৰে। ইয়াৰ পিছত এজন কনিষ্টবলৰ হাতত কামুৰি দিওঁ। কিন্তু মোক বান্ধি এটা কোঠাত আবদ্ধ কৰি ৰাখে।”
মহিলাগৰাকীয়ে লগতে দাবী কৰে যে কিছু সময়ৰ পাছত এজন আৰক্ষীয়ে কোঠাটোত প্ৰৱেশ কৰি তেওঁৰ বুকুত কেইবাবাৰো লাথি মাৰে। ইয়াৰ পিছত তেওঁ জোৰ-জবৰদস্তি কৰে। কিন্তু আৰক্ষীয়ে ওলোটাকৈ দুয়োৰে বিৰুদ্ধে এজাহাৰ দাখিল কৰে। মদ্যপান কৰি থানাত প্ৰৱেশ কৰি, কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ কৰি ভাঙি-ছিঙি লণ্ডভণ্ড কৰাৰ অভিযোগ দাখিল কৰা হয়। দুয়োকে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বুধবাৰে জামিন লাভ কৰে মহিলাগৰাকীয়ে। ইয়াৰ পিছত তেওঁ যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে। এই বিষয়টোক লৈ সৃষ্টি হোৱা উত্তেজনাৰ বাবে নিলম্বন কৰা হৈছে ৫ আৰক্ষীক।













