
নতুন দিল্লীত অহা ৩১ আগষ্টৰ পৰা ১১ ছেপ্টেম্বৰলৈ হ’বলগা আন্ত:ৰাষ্ট্ৰীয় সুব্ৰত কাপ ফুটবল (International Subrata Cup Football) খেলৰ বাবে অসম দলক প্ৰতিনিধিত্ব কৰিবলগীয়া নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ (Numaligarh Higher Secondary School) ফুটবল দল (Football team)টোক অলপতে কিছু খেলৰ সামগ্ৰী প্ৰদান (Providing sports goods) কৰাৰ লগতে অভিনন্দন জ্ঞাপন কৰে অসম ক্ৰীড়া বোৰ্ডৰ (Assam Sports Board) উপাধ্যক্ষ আকাশ ফুকনে।

নতুন দিল্লীলৈ বুলি দলটো নুমলীগড়ৰ পৰা ২৮ আগষ্টৰ সন্ধিয়া ৰাওনা হোৱাৰ কথা। দলটো পূৰ্ণ গতিত প্ৰশিক্ষণ নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চলি আছে। ইতিমধ্যে ১৬ জন খেলুৱৈৰ নাম তালিকা প্ৰস্তুত কৰি তোলা হৈছে। দলটোক বিভিন্ন দল সংগঠনে শুভেচ্ছা জ্ঞাপন কৰিছে।













