ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

আশ্চৰ্যকৰ গুণেৰে ভৰপূৰ সৰিয়হ

ASSAM TIMES POST by ASSAM TIMES POST
January 13, 2020
Reading Time: 2 mins read
A A
0
আশ্চৰ্যকৰ গুণেৰে ভৰপূৰ সৰিয়হ

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

ডাঃ ভূপেন শইকীয়া

মোৰ বাল্যকালৰ মুহূৰ্তবোৰ আছিল জীৱনৰ আটাইতকৈ মধুৰতম সময়। কাশীৰ গংগা আৰু বৰুণা নৈৰ সংগমস্থলত অৱস্থিত ৰাজঘাট বেছেণ্ট স্কুলত শৈশৱৰ পাঁচটা বছৰ অতিক্ৰম কৰিছিলোঁ। সেই দুই পৱিত্ৰ নৈৰ সংগমৰ ওচৰৰ সুবিশাল পথাৰত দূৰ-দূৰণিলৈকে, সাৰনাথ নগৰীলৈকে সৰিয়হৰ খেতি কৰা হৈছিল। সুযোগ পালেই সৰিয়হৰ পথাৰৰ সেউজীয়া আৰু হালধীয়া ৰঙৰ মিশ্ৰণ মই উন্মনা হৈ অপলক নয়নেৰে চাই থাকোঁ। মন-মস্তিষ্কত বহোৱা সেই ৰঙৰ চাপ আজিও ধূসৰ হোৱা নাই।

জাতকৰ সাধুত এদিন পঢ়িলোঁ–এগৰাকী বাউলী মহিলাই কোলাত মৃত সন্তানক লৈ বুদ্ধদেৱক খাটনি জুৰিলে– তেওঁৰ সন্তানটোক জীয়াই দিব লাগে। বুদ্ধদেৱে ‘এমুঠি সৰিয়হ’পালে সন্তানটিক জীয়াই তুলিব বুলি কলে। লগতে কলে সৰিয়হ অনা ঘৰত কিন্তু কেতিয়াও কোনো লোকৰ মৃত্যু হব নালাগিব।

‘সৰিয়হৰ ডুলিতে ভূত’আদি যোজনা আৰু ‘সৰিয়হ জাৰি ভূত খেদিব পাৰি’আদি লোকবিশ্বাসৰ কথা সৰুকালৰ পৰাই শুনি আহিছোঁ। ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলকে ধৰি আমাৰ অসমতো খৰালিকালত প্ৰচুৰ পৰিমাণে সৰিয়হ খেতি হয়। সৰিয়হ খেতিৰে সৃষ্টি কৰা মোহনীয় দলিচাৰ দৃশ্য ফটোগ্ৰাফাৰ আৰু কবি-সাহিত্যিকৰ ৰচনাৰ এক উল্লেখনীয় সমল।

অসমীয়া গ্ৰামীণ জন-জীৱনত সৰিয়হ পেৰি উলিওৱা মিঠাতেলৰ ভূমিকা অতি বিশাল। মিঠাতেল অকণমান নিদিলে পিতিকাৰ জুতিয়েই নাহে। পানীলগা, চৰ্দি আৰু গাৰ বিষ গৰম মিঠাতেলেৰে মালিচ কৰিলে উপশম ঘটে। কটা ঘাঁ, নখচুকীয়া আদিত উতলাই তপত কৰা মিঠাতেল ঢালি চিকিৎসা কৰা নিজে প্ৰত্যক্ষ কৰিছোঁ। ‘কাণত কচু, নাকত তেল, সেই ঘৰত নাই বেজৰ মেল’বোলা প্ৰবাদ এটা যুগ যুগৰ পৰা আমাৰ অসম মুলুকত চলি আহিছে। কৌতুকতো শৰীৰৰ তেজতকৈ মিঠাতেলৰ মূল্য বেছি বুলি ৰগৰ কৰা হয়। আজিৰ এই স্বাস্থ্য কথাত সৰিয়হৰ বিষয়ে আমি জানিবলগীয়া কিছু লাগতিয়াল কথাৰ ওপৰত মই আলোকপাত কৰিবলৈ প্ৰয়াস কৰিম।

বুৰজ্ঞী আৰু প্ৰাচীন গ্ৰন্থত সৰিয়হৰ বিষয়ে কি তথ্য পোৱা গৈছে৷ সংস্কৃতত ৰচনা কৰা পৌৰাণিক গ্ৰন্থসমূহত আজিৰে পৰা ৫০০০ বছৰ আগতেই সৰিয়হৰ উপযোগিতাৰ কথা উল্লেখ কৰা আছে। বাইবেলত ৫বাৰ সৰিয়হৰ কথা উল্লেখ আছে। ইয়াক বিশ্বৰ এবিধ সৰ্বোতকৃষ্ট বনস্পতি আখ্যা দিয়া হৈছে। গ্ৰীক ভাষাত ৰচনা কৰা ‘নিউ টেষ্টমেণ্ট’গ্ৰন্থত স্বৰ্গলোকক সৰিয়হৰ বীজৰ সমতুল্য বোলা হৈছে।

আধুনিক চিকিৎসা বিজ্ঞানৰ পিতামহ হিপোক্ৰেটিচে (খ্ৰীষ্টপূৰ্ব ৪৬০-৩৭০) সৰিয়হৰ বিভিন্ন ৰোগৰ চিকিৎসাত বহুল প্ৰয়োগ কৰিছিল। নৱম শতিকাত ফৰাচী সন্যাসীসকলে সৰিয়হৰ বিভিন্ন উপাদান নিৰ্মাণ কৰি আয়ৰ পথ উলিয়াইছিল। এনচাইক্ল’পেডিয়া ব্ৰিটেনিকাত উল্লেখ আছে– খ্ৰীষ্টপূৰ্ব ২৫০০ৰ পৰা সিন্ধু সভ্যতাত সৰিয়হ খেতিৰ প্ৰচলন আছিল।

বিশ্বৰ ক’ত ক’ত সৰিয়হৰ খেতি হয়?

সৰিয়হ হ’ল ঘাইকৈ এছিয়া মহাদেশৰ শীতকালৰ এবিধ থলুৱা খেতি। কিন্তু বৰ্তমান ভাৰত, বাংলাদেশ, নেপাল, চীনদেশৰ উপৰি কানাডা, আৰ্জেণ্টিনা, চিলি, ইউৰোপৰ ডেনমাৰ্ক, গ্ৰেট ব্ৰিটেইন, জাৰ্মানী, উত্তৰ আফ্ৰিকাৰ ভূমধ্য সাগৰীয় অঞ্চল আদি হ’ল শীৰ্ষ সৰিয়হ উৎপাদনকাৰী।

সৰিয়হৰ বংশ পৰিচয় আৰু নামাৱলী :

সৰিয়হৰ বৈজ্ঞানিক বা বোটানিকেল নাম হ’ল- Brassica। আকৌ সৰিয়হ হ’ল Cruciferae (Cabbage family) বংশৰ। ব্ৰোকলি, বন্ধাকবি, ফুলকবি হ’ল একেটা পৰিয়ালৰে। ঘাইকৈ তিনিটা প্ৰজাতিৰ সৰিয়হ আমি ব্যৱহাৰ কৰোঁ। (১) ক’লা বৰণৰ সৰিয়হঃ Brassica nigra ইয়াৰ স্বাদৰ চোক আটাইতকৈ তীক্ষ্ণ, (২) বগা বৰণৰ সৰিয়হঃ Brassica alba ইয়াৰ স্বাদৰ চোক মধ্যমীয়া। গুটিৰ আকাৰ আন প্ৰজাতিতকৈ সামান্য ডাঙৰ। (৩) মুগা বৰণৰ সৰিয়হঃ Brassica juncea এইবিধ সৰিয়হ হিমালয়ৰ পাদদেশত বেছিকৈ উৎপন্ন হয়।

অসমীয়াত সৰিয়হৰ আন এটা নাম হ’ল বেহাৰ। খাচী ভাষাতঃ তৰচো, কাৰ্বিঃ হানজং, ডিমাচাঃ য়াওলাই, তিৱাঃ পেচৰ, ইংৰাজীতঃ Indian mustard, leaf mustard, বাংলাতঃ সৰ্ষপ, হিন্দীতঃ সৰসো আৰু সৰ্ষপ, কানাড়াতঃ সাৰ্ষিৱ, কাশ্মিৰীতঃ সৰ্ষফ, কোংকিনীতঃ সাচ্চম, মালয়ালমতঃ সৰ্ষপম, মণিপুৰীতঃ হাংগম, মাৰাঠীতঃ মোহৰী আৰু ৰাই, সংস্কৃততঃ ৰাজিকা,  তামিলতঃ কাটিকু, তেলেগুতঃ সৰ্ষাপাম,  উৰ্দুতঃ সৰ্ষফ নামেৰে জনা যায়।

সৰিয়হ গছৰ বৰ্ণনা :

আমাৰ অসমত কাতি-আঘোণ মাহত পথাৰত সৰিয়হৰ গুটি সিঁচি খেতি আৰম্ভ কৰে। এজোপা সৰিয়হ গছ ৪-৫ ফুট ওখ হয়। সেউজ বৰণীয়া গছত উজ্জ্বল সোণোৱালী হালধীয়া ফুল ফুলে। একো একোটা চিৰাৰ ভিতৰত থকা গুটি ঘূৰণীয়াসমূহৰ প্ৰতিটো ১ মিলিমিটাৰ ব্যাসৰ হয়। গুটি পূৰঠ হ’বলৈ ৬০টা দিন লাগে।

কেনেকৈ সৰিয়হ ব্যৱহৃত হয়?

সৰিয়হৰ প্ৰয়োগ এবিধ ‘মচলা বিশেষ’বুলি সামৰিব নোৱাৰি। আঞ্জা বা দাইলত তেল মাৰোঁতে পাঁচফোৰণত সৰিয়হ অপৰিহাৰ্য। সৰিয়হৰ গুটিৰ খাৰলি, চাটনি, কাচুন্দিৰ সৈতে আপোনালোক নিশ্চয় ভালদৰে পৰিচিত। বহুতে সৰিয়হ গুটি মিহলাই (লগত পাচলি দি বা নিদিয়াকৈ) ভাতো ৰান্ধে। সৰিয়হৰ তেল অসমীয়াৰ পাকঘৰৰ অপৰিহাৰ্য সামগ্ৰী। আচাৰ বনোৱাকে ধৰি আমিষ-নিৰামিষ খাদ্য তালিকাত সৰিয়হৰ ভূমিকা আপোনালোক সকলোৱে জানে। সৰু-সৰুকৈ কটা মাংসৰ সৈতে ৰান্ধিলে কুমলীয়া সৰিয়হৰ শাক এবিধ স্বাদিষ্ট আৰু পুষ্টিকৰ ব্যঞ্জন। বজাৰত মিঠাতেলৰ উপৰি সৰিয়হৰ গুটিৰ বা শুকান পাতৰ গুড়ি, কেপচুল, পেষ্ট, চচ আদি উপলব্ধ।

কি কি লাগতিয়াল তত্ত্ব সৰিয়হত থাকে?

সৰিয়হ হ’ল গুণৰ ভাণ্ডাৰ। ১১ গ্ৰাম ওজনৰ সৰিয়হৰ গুটিত থাকেঃ কেল’ৰি ৫২, প্ৰ’টিন (৩.২ গ্ৰাম, ৪৬ শতাংশ), কাৰ্ব’হাইড্ৰেট (২.৯ গ্ৰাম, ২১ শতাংশ), ফেট (০.৩ গ্ৰাম), এণ্টিঅক্সিডেণ্ট, ডায়েটেৰী ফাইবাৰ, বহু কেইবিধ ভিটামিন ইয়াত থাকে। কলেষ্ট’ৰেলৰ পৰিমাণ হ’ল শূন্য।

সৰিয়হত থকা ভিটামিনসমূহ :

ফ’লেট, নিয়াচিন, পেণ্টথেনিক এচিড, পাইৰিডক্সিন, ৰাইবোফ্লেভিন, থায়ামিন, ভিটামিন-এ, ভিটামিন-চি, ভিটামিন-কে আৰু ভিটামিন-ই গামা টক’ফেৰল। ইলেকট্ৰ’লাইট হ’লঃ প’টেছিয়াম ১৬ শতাংশ আৰু ছ’ডিয়াম ১ শতাংশ। খনিজ তত্ত্বসমূহ হ’লঃ কেলচিয়াম, আইৰণ, মেংগানিজ, মেগনেছিয়াম, ক’পাৰ, জিংক, ফছফৰাছ, ছালফাৰ আৰু চেলেনিয়াম। ফাইটো-নিউট্ৰিয়েণ্ট হ’লঃ কেৰ’টিন-বি, ক্ৰিপ্টঝেনথিন-বিটা, লিউটেন-ঝিয়াঝেনথিন।

সৰিয়হৰ বহুমূখী উপকাৰিতা :

১) কৰ্কট ৰোগ প্ৰতিৰোধক– ২০১০ চনৰ ‘কাৰচিনোজনেচিচ’আলোচনীত প্ৰকাশিত তথ্যমতে সৰিয়হৰ বীজত থকা Allyil Isothiocyanate (AITC) নামৰ তত্ত্বই কেন্সাৰ কোষৰ বৃদ্ধিত বাধা দিয়ে। ফাইটো-নিউট্ৰিয়েণ্ট (Glucosinolates আৰু Microsinase)সমূহে কৰ্কটৰোগ প্ৰতিৰোধ কৰাত অনবদ্য ভূমিকা লয়। সেয়ে পাকস্থলীৰ, মূত্ৰাশয়ৰ আৰু জৰায়ুৰ কৰ্কট ৰোগীৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ আৰম্ভ কৰা হৈছে।

২) হাপানি ৰোগ আৰু আন শ্বাস ৰোগৰ উপশম ঘটোৱাত সহায়ক সৰিয়হত থকা চেলেনিয়াম আৰু মেগনেছিয়ামৰ এণ্টিইনফ্লেমেটৰী গুণৰ বাবে এয়া সম্ভৱপৰ।

৩) হৃদৰোগৰ পৰা সুৰক্ষা– সৰিয়হত থকা অ’মেগা-৩, ফেটি এচিডৰ বাবে এয়া সম্ভৱপৰ বুলি Cardiovascular Drugs and Therapy আলোচনীত প্ৰকাশ পাইছে। Myocardial Infarct আৰু Cardiac Arrtythmiaৰ সম্ভাৱনা কমায়।

সৰিয়হে তেজৰ কলেষ্ট’ৰেল আৰু ট্ৰাইগ্লিচাৰাইড কমায়।

৪) মেদবহুলতা হ্ৰাস কৰাত ভূমিকা- নিয়াচিন আৰু বি-ভিটামিন গোটৰ বাবে শৰীৰৰ সক্ৰিয়তা (মেটাবলিজম) বঢ়াৰ ফলত মেদ বহুলতা হ্ৰাস পায় বুলি Oxford Polytechnic Institute, Englandৰ প্ৰকাশিত তথ্য।

৫) মাইগ্ৰেইনৰ চিকিৎসা- অ’মেগা-৩, ফেটি এচিড আৰু মেগনেছিয়ামৰ বাবে এয়া সম্ভৱ।

৬) চৰ্মৰোগৰ চিকিৎসাত উপযোগী– চ’ৰিয়াচিচৰ দৰে অ’টো-ইমিউন ৰোগত সৰিয়হে সংক্ৰমণ হ্ৰাস কৰে (Journel of Dermatology)।

৭) চুলিৰ যতন ল’বলৈ ব্যৱহৃত চুলি সৰা, অকালতে পকা, উফি হোৱা, চুলি চুটি আদিৰ চিকিৎসাত সৰিয়হৰ তেল উপযোগী।

৮) স্নায়বিক দুৰ্বলতাৰ চিকিৎসা- ভিটামিন আৰু ট্ৰাইচ এলিমেণ্টৰ বাবে সেয়া সম্ভৱ।

৯) ডায়েবেটিছৰ চিকিৎসাত ভূমিকা- ইয়াৰ বাবে সৰিয়হৰ শাক অতিকৈ উপকাৰী। সৰিয়হৰ এণ্টি-অক্সিডেণ্টসমূহে ছুগাৰ মেটাবলিজমত সহায় কৰে।

১০) ৰজোনিবৃতিত প্ৰয়োগ- মেগনেছিয়াম আৰু কেলছিয়ামৰ উপস্থিতিয়ে মহিলাৰ ৰজোনিবৃতিৰ সময়ত হ’ব পৰা হাড়ৰ দুৰ্বলতা প্ৰতিৰোধ কৰে। বিশেষকৈ সৰিয়হৰ সেউজীয়া শাক সেই সময়ত খোৱা ভাল।

১১) তেজ বিশুদ্ধকৰণ।

১২) ড্ৰাগছৰ বিষক্ৰিয়া কমাবলৈ প্ৰয়োগ।

১৩) মদৰ অপকাৰিতা-নিচা কমাবলৈ।

১৪) দৃষ্টিশক্তিৰ উন্নতি সাধন- ভিটামিন-এৰ দ্বাৰা।

১৫ এণ্টিফাংগেল- ৰিং ৱৰ্মত লগালে উপশম পায়।

১৬) বাৰ্ধক্য ৰোধক- শৰীৰৰ অহিতকাৰী ফ্ৰি-ৰেডিকেল কমোৱাৰ ক্ষমতাৰ বাবে।

১৭) বাত বিষৰ চিকিৎসা- চেলেনিয়াম, মেগনেছিয়ামৰ এণ্টি-ইনফ্ৰেমেটৰী গুণৰ বাবে এয়া সম্ভৱপৰ।

১৮) পাইল্‌ছ, শৌচ কচা আদিৰ চিকিৎসাত উপযোগী।

১৯) ইমিউনিটি- এণ্টি-অক্সিডেণ্ট আৰু ভিটামিনে শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়ায়।

২০) উচ্চ ৰক্তচাপত- সৰিয়হত থকা তত্ত্বসমূহে তেজৰ প্ৰবাহ সুচল ৰাখে। ৰক্তনলীত চৰ্বি জমা হ’ব নিদিয়ে। ভিটামিন-ই আৰু আন এণ্টি-অক্সিডেণ্টে অপকাৰী ফ্ৰি-ৰেডিকেলছৰ পৰা শৰীৰক মুক্ত কৰি ৰাখে। সৰিয়হত থকা প’টেয়িছামে হৃদগতি স্থিৰ ৰাখে। এইদৰে বহুমূখী ক্ৰিয়াৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণত সৰিয়হ সহায়ক সিদ্ধ হৈছে।

২১) সংক্ৰমণৰোধক।

২২) গা ধুবৰ সময়ত ছালত ঘঁহিবলৈ, দুৰ্গন্ধ বিনাশক হিচাপেও ব্যৱহৃত হয়।

২৩) সুনিদ্ৰাত সহায়ক- মেগনেছিয়ামৰ উপস্থিতিত নিদ্ৰাহীনতা আঁতৰ হয়।

২৪) জ্বৰ, চৰ্দি, বিষ।

২৫) ৰক্তকণিকা নিৰ্মাণত সহায়ক- আইৰণ, ক’পাৰ আদিয়ে এনিমিয়া আঁতৰ কৰে।

২৬) হাড় শক্তিশালী কৰে- কেলছিয়াম আৰু আন খনিজৰ উপস্থিতিৰ বাবে।

সতৰ্কবাণী :

 সৰিয়হৰ তেল বা গুটিৰ সেৱন নিয়মীয়া মাত্ৰাতহে কৰা উচিত। ইয়াৰ অধিক প্ৰয়োগে কৰিব পৰা পাৰ্শ্বক্ৰিয়াসমূহ হ’ল-

১) পাকস্থলীত গৰম অনুভৱ কৰা, গেষ্ট্ৰাইটিছ, বমি, ওকালি আদি হোৱা। সংবেদনশীল ছালত মিঠাতেল সানিলে জ্বলা-পোৰা অনুভৱ আৰু পানী জ্বলা উঠিব পাৰে।

২) কিডনিৰ পাথৰৰ অসুখত ভোগা লোকে মিঠাতেল কমকৈ সেৱন কৰিব।

৩) মিঠাতেলত থকা অক্সালেটে কেলছিয়ামৰ মেটাবলিজিমত অহিতকাৰী প্ৰভাৱ পেলাব পাৰে।

৪) থায়ৰইড হৰমনৰ অসুখত ভোগা ব্যক্তিসকলে কেঁচা মিঠাতেল নাখাব। কেঁচা মিঠাতেলত গৰল কৰিব পৰা তত্ত্ব (Goitrogen) থাকিব পাৰে। মিঠাতেল তপতালে সেই অৱগুণ যায়।

৫) কম বা উচিত পৰিমাণত মিঠাতেল গৰ্ভৱতী মহিলাৰ স্বাস্থ্যৰ বাবে হিতকাৰী। কিন্তু অত্যধিক মাত্ৰাৰ সেৱনে গৰ্ভপাত পৰ্যন্ত কৰিব পাৰে।

মোখনিত ইমানেই কম যে সৰিয়হ হ’ল আমাৰ বাবে প্ৰকৃতিৰ এক অমূল্য বৰদান। স্বাস্থ্য ৰক্ষাত ইয়াৰ অপৰিসীম ভূমিকা পাঠকসকলে কিছু পৰিমাণে হ’লেও অৱগত হ’ল। ব্যৱসায়িক ভিত্তিত সৰিয়হ খেতি সদায় লাভজনক স্থিতিত থাকে। প্ৰয়োজন মাথোঁ অপকাৰী কীট-পতংগৰ পৰা খেতিডৰাক সুৰক্ষা দি প্ৰতিপালন কৰাৰ।

লেখকৰ ঠিকনা : ডোহা, কাটাৰ

যোগাযোগ : drbksaikia@gmail.com

ৱাটছএপ নম্বৰ : ০৯৭৪৩৩৭৩৮৭২২

ৱেবছাইট www.drbhupensaikia.com

Tags: Featured
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

August 4, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

August 4, 2026
50
Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে
National-International

Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে

August 4, 2026
50
ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ
National-International

ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ

August 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

August 4, 2026
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

August 4, 2026
Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে

Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে

August 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx