ASSAM TIMES POST
বুদ্ধ তামাং
ব্যৱসায় বা উদ্যোগ এটা গঢ়িবলৈ আপোনাৰ হাতত আঁচনি আছে, পৰিকল্পনাও আছে। কিন্তু তাক সাকাৰ ৰূপ দিবলৈ আপোনাৰ হাতত প্ৰয়োজনীয় মূলধন নাই। এনে অৱস্থাত আপোনাৰ বাবে মূলধন যোগাৰৰ উৎস হ’ব পাৰে আপোনাৰ পৰিয়াল-পৰিজন বা শুভাকাংক্ষীৰ আৰ্থিক বদান্যতা অথবা বেংকৰ ঋণ। পৰিয়াল-পৰিজন, শুভাকাংক্ষীৰ সহায় সকলোৰে ক্ষেত্ৰত সম্ভৱ নহ’বও পাৰে। তেনেক্ষেত্ৰত একমাত্ৰ বিকল্প পথটো হৈছে বেংকৰ ঋণ।
কিন্তু বেংকৰ পৰা এটা ঋণ আবণ্টন কৰিবলৈ, বিশেষকৈ নতুনকৈ ব্যৱসায়ত নমাসকলৰ বাবে এটা কঠিন কাম। ব্যৱসায় আৰম্ভ কৰিম বুলি যদিহে বেংকত গৈ ঋণ বিচাৰে তেন্তে সেয়াতো আটাইতকৈ কঠিন পৰ্ব। কাৰণ এনে অভিজ্ঞতা যিসকলৰ আছে তেওঁলোকে নিশ্চয়কৈ জানিব যে এনেবোৰ কথাত বেংক বিষয়াসকলৰ নব্বৈ শতাংশৰে আবেদনকাৰীৰ কথা শুনাৰ আগ্ৰহ নাথাকে। অৰ্থাৎ ৰাজ্যখনত বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানসমূহৰ সদিচ্ছাৰ অভাৱৰ কথা বাৰুকৈয়ে প্ৰকট।
অৱশ্যে দ্বিতীয়টো গুৰুত্বপূৰ্ণ কথা হৈছে যিগৰাকী ব্যক্তিয়ে ব্যৱসায় বা উদ্যোগ গঢ়াৰ মানসেৰে বেংকলৈ ঋণ বিচাৰি যাব তেওঁ বেংক বিষয়াৰ আগত কেনেকৈ বিষয়টো উপস্থাপন কৰে তাৰ ওপৰতো বহুখিনি কথা নিৰ্ভৰ কৰে। বেংক ব্যৱস্থা এটাই প্ৰদৰ্শন কৰা হেমাহি আৰু সেইবিলাকৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে কি কৰা উচিত সেই সম্পৰ্কত আমি আলোচনা কৰিম। কিন্তু বেংকত ঋণ বিচাৰি যাবলৈ হ’লে আপোনাৰ যাৱতীয় প্ৰস্তুতি কেনে হোৱা উচিত সেই সম্পৰ্কত আমি পোনতে আলোচনা কৰিব বিচাৰিছোঁ।
বেংক বা বিত্তীয় প্ৰতিষ্ঠানসমূহৰ পৰা ব্যৱসায় বা উদ্যোগ গঢ়াৰ কাৰণে আপুনি দুটা পথত ঋণ পাব পাৰে। তাৰে এটা হৈছে বিভিন্ন চৰকাৰী আঁচনিৰ জৰিয়তে আৰু আনটো হৈছে বেংকৰ পৰা প্ৰত্যক্ষ ৰূপত। চৰকাৰী বিভিন্ন আঁচনিৰ বাবে খা-খবৰ কৰিবলৈ হ’লে আপোনাৰ জিলাৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ কাষ চাপক। পি এম ই জি পিকে ধৰি ৰাজ্য চৰকাৰৰ বহুবোৰ আঁচনিৰ বিষয়ে আপুনি সম্ভেদ পাব আৰু সেই অনুসৰি আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি সাক্ষাৎকাৰত অৱতীৰ্ণ হৈ হিতাধিকাৰীৰ তালিকাৰ অন্তৰ্ভুক্ত হ’ব লাগিব।
অসম চৰকাৰৰ বাজেটতো চৰকাৰে এক লাখ নিবনুৱাক ব্যৱসায় আৰম্ভ কৰিবলৈ এক লাখকৈ টকা আৰু যিসকলৰ ব্যৱসায় আছে তেওঁলোকৰ বাবে ৱৰ্কিং কেপিটেলৰ নামত ঋণ হিচাপে দুই লাখ টকা আগবঢ়োৱাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। অন্যহাতে, প্ৰয়োজনীয় কাৰখানা নিৰ্মাণ, যন্ত্ৰপাতি ক্ৰয় আদিৰ ক্ষেত্ৰতো চৰকাৰে বিভিন্ন ৰাজসাহায্যৰ ব্যৱস্থা কৰি থৈছে। উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ জৰিয়তে এনে আঁচনিসমূহৰ বিষয়ে অৱগত হৈ আৰু সুবিধা থাকিলে সংশ্লিষ্ট বিষয়ত প্ৰশিক্ষণ লৈ আপুনি ব্যৱসায় বা উদ্যোগ প্ৰতিষ্ঠাৰ দিশত আগবাঢ়িব পাৰে। ইয়াৰ বাদেও, বেংকৰ পৰা প্ৰত্যক্ষভাৱে ঋণ ল’বলৈ পাৰিব। অৱশ্যে দুয়োটাৰ ক্ষেত্ৰতে কিছুমান উমৈহতীয়া চৰ্ত থাকিব। সেইবোৰ সম্পৰ্কতো আপুনি জানি লোৱা উচিত।
বিত্তীয় প্ৰতিষ্ঠানে পোনতে আপোনাক আঁচনিখনৰ বিপৰীতে বিচাৰিব মাৰ্জিন মানী, অৰ্থাৎ ব্যৱসায়টোত আপোনাৰ নিজৰ আৰ্থিক যোগদান কিমান হ’ব সেই সম্পৰ্কত। সচৰাচৰ এখন আঁচনিত সাম্ভাৱ্য ব্যয় যদি ১০ লাখ টকা তেন্তে আপোনাৰ অংশ হ’ব লাগিব ২৫ শতাংশ হাৰত ২.৫ লাখ টকা। যদিহে চৰকাৰী আঁচনিৰ জৰিয়তে আপুনি নিৰ্বাচিত হৈ বেংকৰ ঋণ পোৱাৰ যোগ্য হয় তেন্তে এই অংশটোৰ পৰিমাণ আঁচনি ভেদে হ্ৰাস হ’ব আৰু মূল ঋণটোত ৰাজসাহায্যও থাকিব। পি এম ই জি পিৰ ক্ষেত্ৰত অসম আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ আবেদনকাৰীৰ বাবে প্ৰযোজ্য মাৰ্জিন মানী হৈছে ৫ শতাংশ। অৱশ্যে বেংকৰ পৰা প্ৰত্যক্ষ ঋণ গ্ৰহণৰ ক্ষেত্ৰত এই হাৰ কমিব যে তাৰ ধাৰণা নহয়।
আনহাতে, প্ৰত্যক্ষ ঋণৰ ক্ষেত্ৰত বেংকে আদায় দিবলগীয়া প্ৰকৃত ঋণৰ পৰিমাণৰ বিপৰীতে ‘ছিকিউৰিটী’বিচৰাটো স্বাভাৱিক। এনে ছিকিউৰিটী বেংকৰ ফিক্সড ডিপ’জিট, এল আই চিৰ পলিচী, এন এছ চি আদি হ’ব পাৰে আৰু সৰ্বোপৰি এজন বা দুজন গেৰাণ্টাৰো বিচাৰিব পাৰে। ধৰা হ’ল ১০ লাখ টকাৰ বেংক ঋণটোত আপোনাৰ যোগদান ২.৫ লাখ টকা, এতেকে বেংকে আপোনাক ব্যৱসায় প্ৰতিষ্ঠাৰ বাবে দিব ৭.৫ লাখ টকা। এই মূল ঋণ ৭.৫ লাখ টকাৰ ওপৰত ছিকিউৰিটীৰ পৰিমাণ ৩০ শতাংশও হ’ব পাৰে বা কোনো কোনো ক্ষেত্ৰত ৫০ শতাংশও হ’ব পাৰে। অৱশ্যে তাতকৈ বেছি হোৱাৰ স্থল নাই। আচলতে এইখিনি যোগাৰ কৰাটো সকলোৰে বাবে সম্ভৱ নহ’বও পাৰে।
সেয়ে বেংকৰ পৰা ঋণ এটা গ্ৰহণৰ সময়ত বেংক প্ৰতিষ্ঠানে আৰোপ কৰা চৰ্তসমূহ আপুনি পূৰণ কৰিবলৈ পাৰিবনে নোৱাৰে সেইটোও আগতে জানি-বুজি ল’ব। চৰকাৰী আঁচনিৰ ক্ষেত্ৰত ঋণ গ্ৰহণ কৰাৰ সুবিধা এয়াই যে প্ৰত্যক্ষ ঋণৰ বাবে আপুনি যি ছিকিউৰিটী বেংকত দাখিল কৰিব লাগে তাৰপৰা ৰেহাই পাব। অৱশ্যে এনে কিছুমান শিথিল নীতিৰ বাবেই বেংকে চৰকাৰী আঁচনিৰ অধীনত হিতাধিকাৰী নিৰ্বাচিত হৈ আহিলেও ঋণ মোকলাই দিয়াৰ ক্ষেত্ৰত সোপাঢিলা নীতি গ্ৰহণ কৰে আৰু মূৰকত গৈ ঋণৰ পৰা বঞ্চিত হোৱাৰ দৃষ্টান্তও নথকা নহয়। আমাৰ কথা হৈছে, এনেধৰণৰ ওজৰ-আপত্তি থাকিলে আবেদনকাৰীয়ে নিৰ্দিষ্ট স্থানত অভিযোগ কৰিব পাৰে আৰু তেওঁক তেওঁৰ প্ৰাপ্যৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰে বুলিয়েই আমাৰ দৃঢ় বিশ্বাস।
বেংক প্ৰতিষ্ঠানৰ কেইবাগৰাকীও বিষয়াৰ সৈতে আলোচনা কৰাৰ অন্তত আমি এই সিদ্ধান্তলৈ আহিছোঁ যে তেওঁলোকে নতুন আবেদনকাৰীক ঋণ আদায়ৰ ক্ষেত্ৰত হোঁহকা-পিচলা নীতি গ্ৰহণ কৰাৰ কেইবাটাও কাৰণ থাকে। সেইসমূহ হৈছে
ক) চৰকাৰী আঁচনিৰ অধীনত ঋণ গ্ৰহণ কৰা সৰহসংখ্যকেই ব্যৱসায় সূচাৰুৰূপে পৰিচালনাত ব্যৰ্থ হৈ ঋণ ওভতাই দিয়াৰ পৰা আঁতৰি আছে।
খ) বেংকত আবেদন জনোৱা আবেদনকাৰীৰ সংশ্লিষ্ট এলেকাত ঋণ ওভতাই নিদিয়াৰ ৰেকৰ্ড আছে।
গ) এই ক্ষেত্ৰত আবেদনকাৰীৰ পৰিয়ালৰ সংশ্লিষ্ট ব্যক্তিও অভিযুক্ত।
ঘ) আবেদনকাৰীৰ আঁচনিখৰ গ্ৰহণযোগ্যতা নথকা।
ঙ) আবেদনকাৰীৰ আচৰণ ইত্যাদি।
অৱশ্যে প্ৰত্যক্ষ ঋণৰ ক্ষেত্ৰতো একেখিনি কাৰণেই লুকাই থাকে। এই ক্ষেত্ৰত আন এটা কথাও আছে আৰু সেয়া হৈছে ব্যৱসায় বা উদ্যোগ স্থাপন কৰিবলৈ আপোনাক ঋণৰ প্ৰয়োজন হৈছে বুলি বিত্তীয় প্ৰতিষ্ঠানৰ কাষ চাপিলে আপোনাক গুৰুত্ব নিদিয়াই স্বাভাৱিক। ইয়াৰ বিপৰীতে আপুনি পূৰ্ব প্ৰস্তুতিৰে বিত্তীয় প্ৰতিষ্ঠানৰ কাষ চপা উচিত। আপুনি পৰিকল্পনা কৰা নিৰ্দিষ্ট ব্যৱসায়ৰ ৰূপৰেখা, কিমান টকাৰ প্ৰয়োজন হ’ব, আপোনাৰ মাৰ্জিন মানী কিমান পৰিমাণৰ হ’ব, ছিকিউৰিটী হিচাপে আপুনি কি জমা দিব পাৰিব, ব্যৱসায়টোৰ পৰা লাভ কি হ’ব সেই সকলোবোৰেই লিখিত আকাৰে বেংকৰ বিষয়াক দাখিল কৰা ভাল। কিন্তু মনত ৰাখিব, আপুনি যিটো বেংকত ঋণ বিচাৰে সেই বেংকটোৰ নিৰ্দিষ্ট শাখাৰ আপুনি গ্ৰাহকো হ’ব লাগিব অৰ্থাৎ আপোনাৰ ছেভিংছ বেংক একাউণ্ট তাত থাকিব লাগিব।
আঁচনিখনেই মূল কথা
বেংকত ঋণ বিচাৰিবলৈয়ে হওক বা আপুনি নিজাধনেৰেই ব্যৱসায় কৰক, আপোনাক এখন আঁচনি বা ডিটেইল্ড প্ৰজেক্ট ৰিপ’র্ট লাগিব। সাধাৰণতে উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰত এনে আঁচনি আপোনাক প্ৰস্তুত কৰি দিব বা কোনো কোনো প্ৰতিষ্ঠানেও আপুনি কৰিব বিচৰা ব্যৱসায়ৰ প্ৰজেক্ট ৰিপ’ৰ্ট সাজু কৰি দিব পাৰে। অৱশ্যে আপুনি যদি সঁচাই ব্যৱসায় বা উদ্যোগ প্ৰতিষ্ঠানত নিমগ্ন হ’বলৈ বিচাৰিছে, আমি ভাবোঁ মূল আঁচনিখন আপুনি নিজে প্ৰস্তুত কৰাটোৱেই অত্যন্ত জৰুৰী। এই ক্ষেত্ৰত আপুনি কৰিব খোজা কামটোৰ সদৃশ প্ৰতিষ্ঠিত ব্যৱসায়ী-উদ্যোগীৰ কাষ চাপি কিছু কথা জনাৰ চেষ্টা কৰক। প্ৰয়োজনীয় যন্ত্ৰপাতিৰ মূল্য, কেঁচা সামগ্ৰীৰ বজাৰ, উৎপাদনৰ বজাৰ, প্ৰয়োজনীয় কুশলী লোক আৰু পাৰিশ্ৰমিক, বিদ্যুতৰ যাৱতীয় খৰচ আদি সকলোবোৰ তথ্য পুংখানুপুংখভাৱে যোগাৰ কৰিব লাগিব।
পূৰ্বতে আমি কৈ অহাৰ দৰে আপুনি নিশ্চিত হৈ ল’ব লাগিব সেই ব্যৱসায়টোত আপুনি কিয় নামিব বিচাৰিছে। আপোনাৰ পৰিকল্পনাৰ ব্যৱসায়টোৰ প্ৰতি আৰম্ভণিৰে পৰা একাত্ম হ’ব পাৰিলেহে আপোনাৰ বিনিয়োগৰ সাধ্যনুসাৰে আপুনি আঁচনিখন সাজু কৰিব পাৰিব আৰু ব্যৱসায় বা উদ্যোগ প্ৰতিষ্ঠাৰ প্ৰথমটো ঢাপত উত্তীৰ্ণ হ’ব। উল্লেখ্য যে আঁচনিখন দুটা মূল ভাগত বিভক্ত হৈ থাকে। এক, স্থায়ী মূলধন। দুই, কাৰ্যকৰী মূলধন। যন্ত্ৰপাতি, আচবাব, বিদ্যুৎ সংযোগ, কাৰখানা ইত্যাদিবিলাক হৈছে স্থায়ী মূলধনৰ অন্তৰ্গত। আনহাতে, কেঁচা সামগ্ৰী ক্ৰয়, পাৰিশ্ৰমিক, বিদ্যুতৰ খৰচ, যাতায়াত-ফোনৰ খৰচ এইবোৰ হৈছে উদ্যোগ বা ব্যৱসায়টো চলি থাকিবলৈ দৰকাৰ হোৱা কাৰ্যকৰী মূলধন। কাৰ্যকৰী মূলধন বিনিয়োগেৰে আপুনি যি উৎপাদন কৰি বজাৰলৈ মুকলি কৰি দিব তাৰ বিক্ৰীৰ ৰাজহ কাৰ্যকৰী মূলধনতকৈ বেছি হ’ব লাগিব।
অৰ্থাৎ আপুনি লাভ কৰিবলৈ সক্ষম হৈছে। এতেকে আঁচনিখনেই হৈছে মূল কথা। এতিয়া এবাৰ ভাবি চাওক, আমাৰ বহুতেই এনে প্ৰাৰম্ভিক প্ৰস্তুতি নোহোৱাকৈ বেংকৰ ঋণ বিচাৰি যায়। যাৰ পৰিণতিত তেওঁক প্ৰকৃততে কি ব্যৱসায় চলাবলৈ ঋণৰ প্ৰয়োজন হৈছে সেই কথা বিত্তীয় প্ৰতিষ্ঠানৰ বিষয়াক ভালদৰে বুজাই ক’বও নোৱাৰে। যাৰবাবে সুযোগ লয় বেংক বিষয়াসকলে।
ব্যৱসায়ৰ বাবে কেছ-ক্ৰেডিট ঋণ বিচাৰক
উদ্যোগেই হওক বা ব্যৱসায়েই হওক আপুনি এটা ঋণৰ কথা ভাবিছে যেতিয়া কেছ ক্ৰেডিট ঋণৰ কথা ভাবক। এগৰাকী অনা-অসমীয়া বেংকৰ প্ৰবন্ধকে এবাৰ আলোচনা প্ৰসংগত আমাৰ আগত এনেদৰে কৈছিল। তেওঁৰ বক্তব্যৰ সাৰমৰ্ম আছিল অসমৰ দৰে ৰাজ্যত বেংকৰ পৰা ঋণ লৈ ওভতাই নিদিয়াৰ ঘটনা দেধাৰ। কিন্তু কিয় হয় এনে পৰিণতি? নিজৰ অভিজ্ঞতাৰ পৰা তেওঁ কৈছিল যে আমাৰ ইয়াত বেংকৰ পৰা গ্ৰহণ কৰা ঋণৰ মূল অংশটোৱেই খৰচ কৰা হয় টাৰ্ম লোণ অথবা ফিক্সড কেপিটেলৰ ৰূপত। যাৰবাবে মাহিলি একোটা নিয়মিত কিস্তি পৰিশোধ কৰোঁতেই উদ্যোক্তাৰ অৱস্থা আৰম্ভণিৰ পৰাই বেয়ালৈ ঢাল খায়। ইয়াৰ বিপৰীতে কেছ ক্ৰেডিট ঋণৰ পৰিমাণটো কমাই ধৰা হয়।
কেছ ক্ৰেডিট মানে হৈছে আপোনাক কাৰ্যকৰী মূলধন হিচাপে যিখিনি ধনৰ প্ৰয়োজন হ’ব সেয়া। কেছ ক্ৰেডিট একাউণ্টত আপুনি প্ৰয়োজন অনুসৰি ধন উলিয়াবও পাৰে বা জমা কৰিবও পাৰে। সেয়ে সুতৰ নিৰ্দিষ্ট হাৰ নাথাকে আৰু নিয়মিত কিস্তি বুলিও কোনো কথা নাই। ধৰক আপোনাৰ কেছ ক্ৰেডিট একাউণ্টটোৰ সৰ্বোচ্চ সীমা ২ লাখ টকা। এতিয়া এমাহত আপোনাক প্ৰয়োজন হ’ল এক লাখ টকা উলিওৱাৰহে। এই ১ লাখ টকাটো যিমান দিন বাহিৰত থাকিল তাৰ ওপৰতহে সুত ধাৰ্য হ’ব। আকৌ ধৰক, আপোনাৰ উৎপাদিত সামগ্ৰীৰ ৰাজহসহ হাতলৈ মুঠ টকা আহিল ১.৫ লাখ। এতিয়া এই ১.৫ লাখ যদি উক্ত একাউণ্টত থৈ দিয়ে তেন্তে মুঠ ধনৰ পৰিমাণ হ’বগৈ ২.৫ লাখ টকা।
এই ক্ষেত্ৰত অতিৰিক্ত জমা ৫০ হেজাৰ টকাৰ বাবে আপুনি বেংকৰ পৰা সুত পাবহে। সেয়েহে ব্যৱসায় এটা সূচাৰুৰূপে চলাই নিয়াৰ ক্ষেত্ৰত কেছ ক্ৰেডিট একাউণ্ট এটা আপোনাৰ বিশ্বস্ত সহযোগী। ইয়াৰ আটাইতকৈ ডাঙৰ লাভটো হ’ল আপুনি টাৰ্ম লোনটো শেষ কৰাৰ দৰে এই কেছ ক্ৰেডিট একাউণ্টটো বন্ধ নকৰিলেও হ’ব। আপোনাৰ ব্যৱসায় দিনক দিনে বাঢ়ি গৈছে, একাউণ্টত জমা বা উলিওৱাও সেই অনুপাতে চলি আছে। এনে ক্ষেত্ৰত আপোনাৰ ব্যৱসায়ৰ টাৰ্ণ অ’ভাৰ উক্ত একাউণ্টটোৱেই কৈ দিব আৰু প্ৰতিবছৰে আপুনি আবেদন কৰি কেছ ক্ৰেডিট একাউণ্টৰ সীমা বৃদ্ধি কৰিব পাৰিব।
যোগ্যতা অনুসাৰে আপোনাৰ ঋণ আবেদন দাখিল কৰক
সদায় মনত ৰাখিব আপুনি নিজৰ যোগ্যতানুসাৰেহে ঋণ আবেদন কৰিব। আপুনি ন-শিকাৰু, নবীন উদ্যোগী, তেনেস্থলত মুখখন ডাঙৰকৈ নেমেলাই ভাল। দিন যোৱাৰ লগে লগে আপোনাৰ অভিজ্ঞতা বাঢ়িব, বেংকৰ সৈতে যোগাযোগ ঘনিষ্ঠ হ’ব, আপুনি যে সঠিকভাৱে ব্যৱসায় একোটা পৰিচালনা কৰাত দক্ষতা আছে সেইটো বেংকে বুজি পাব যেতিয়া, তেতিয়াহে ব্যৱসায় বা উদ্যোগৰ পৰিসৰ বৃদ্ধি কৰিবলৈ চেষ্টা কৰক। সেই অৱস্থাত আপোনাক কোনেও বাধা দিব নোৱাৰে। আনহাতে, আপুনি কোনটো বেংকৰ পৰা ঋণ লৈ ব্যৱসায় কৰিবলৈ বিচাৰিছে সেই বেংকৰ ঋণ শিতানৰ সকলোবোৰ খবৰ সংগ্ৰহ কৰক। সাধাৰণতে ৱেবছাইটতে সকলোবোৰ তথ্য থাকেই।
এই তথ্যবোৰ হাতত থাকিলে আপোনাৰ নিজৰ বাবে এখন ‘ৰুট মেপ’কৰি ল’বলৈ সক্ষম হ’ব। মহিলা উদ্যোগী, গ্ৰামাঞ্চলৰ উদ্যোগী, ৱৰ্কিং কেপিটেল ইত্যাদিৰ বাবে বিভিন্ন বেংকৰ নিজা নিজা আঁচনি থাকেই, সেইবোৰৰ খবৰ কৰক। বেংকৰ ঋণৰ ছিকিউৰিটীৰ সম্পৰ্কতো নিৰ্দিষ্ট সূচনা আছে। বহু বেংকে ৫০ হেজাৰ টকালৈকে ঋণ প্ৰদানৰ ক্ষেত্ৰত কোনোধৰণৰ ছিকিউৰিটী গ্ৰহণ নকৰে। সেইবিলাক কথাও লক্ষ্য কৰিব।
একেবাৰে শেষত আহোঁ বিত্তীয় প্ৰতিষ্ঠানে যদি আপোনাক ঋণ দিবলৈ অস্বীকাৰ কৰে তেন্তে আপুনি কি কৰি? এইটো এটা অত্যন্ত স্পৰ্শকাতৰ বিষয়। অসমত বেংক ব্যৱস্থাটোৱে ঋণ প্ৰদানৰ ক্ষেত্ৰত কাৰ্যকৰী ৰূপত যে কাম কৰিছে সেয়া নহয়। এইটো অভিযোগ নহয়, বৰঞ্চ অপ্ৰিয় সত্যহে। ৰিজাৰ্ভ বেংকৰ নীতি-নিৰ্দেশনামতে এটা বেংকে স্থানীয় জমাৰ ৬০ শতাংশই বিনিয়োগ অৰ্থাৎ ঋণ প্ৰদান কৰিব লাগে। সৰ্বোপৰি আন ২৮ শতাংশ বিনিয়োগ কৰিব লাগে কৃষি ঋণ হিচাপে। কিন্তু অসমত কোনো এটা ৰাষ্ট্ৰীয়কৃত বেংকেই এই কামটো নকৰে।
ইয়াৰ বিপৰীতে অন্ধ্ৰৰ দৰে ৰাজ্যত বেংকসমূহে ৯৫ শতাংশলৈকে স্থানীয়ভাৱে বিনিয়োগ কৰাৰ নজিৰ আছে। ঋণ আবেদনৰ ক্ষেত্ৰত আমি কৰা আটাইতকৈ ডাঙৰ ভুলটো হ’ল যে আমি পূৰ্ব প্ৰস্তুতিৰে বেংকৰ নিৰ্দিষ্ট বিষয়াক সাক্ষাৎ নকৰোঁ। ইয়াৰ বিপৰীতে ঋণ আবেদনৰ প্ৰক্ৰিয়া আৰম্ভণিৰে পৰা আনুষ্ঠানিকৰূপত হ’লে অৰ্থাৎ লিখিত ৰূপত আবেদন কৰাৰ পৰা সাক্ষাতৰ অনুমতি বিচৰালৈকে সকলোখিনি কৰি গ’লে সাধাৰণতে বেংক বিষয়া এজনে পলকতে আপোনাক অস্বীকাৰ কৰা কঠিন হৈ পৰিব।
আৰু যদি তেওঁ কিবাকৈ অস্বীকাৰ কৰেও, তেন্তে তাৰ যুক্তিসংগত কাৰণ আপোনাক লিখিত ৰূপত দাখিল কৰিব আৰু সেই অনুসাৰে আপুনি পৰৱৰ্তী শুধৰণিসহ আকৌ কাষ চাপিব পাৰিব। এনেকৈ নিৰ্দিষ্ট আঁচনিৰ বাবদ আপুনি বেংকৰ সকলো চৰ্ত পূৰণ কৰিবলৈ সক্ষম হ’লে কোনো বেংক বিষয়াৰে সাধ্য নাই ঋণ নিদিওঁ বুলি ক’বলৈ। আপুনি এই ক্ষেত্ৰত বেংকৰ পৰিচালক, আঞ্চলিক কাৰ্যালয় আৰু মুখ্য কাৰ্যালয়লৈও পত্ৰ প্ৰেৰণ কৰিব পাৰে। যদিহে আপোনাৰ যোগ্যতা থকাৰ পিছতো বেংকে আপোনাৰ আবেদন অগ্ৰাহ্য কৰে তেন্তে আপুনি বেংকিং লোকপালৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰিব পাৰে।
মুঠৰ ওপৰত বেংকিং ব্যৱস্থা এটা বিষয়াৰ খামখেয়ালিত চলিব নোৱাৰে, সেই কথাটো আপুনি নিশ্চিত হৈ থকা উচিত। কিন্তু মূল কথা হ’ল, ঋণৰ বাবে আপুনি যোগ্য হৈ উঠিব লাগিব আৰু সেই যোগ্যতা আপুনি নিজে আহৰণ কৰিব লাগিব।













