ASSAM TIMES POST
নিউজ ডেস্ক
নিৰ্ভয়া-কাণ্ডত মৃত্যুদণ্ডপ্রাপ্ত ৪ আচামীৰ ফাঁচিৰ আখৰা আৰম্ভ হৈ গ’ল দিল্লীৰ তিহাৰ জে’লত। অহা ২২ জানুৱাৰীৰ পুৱা ৭টাত পৱন গুপ্তা, অক্ষয় ঠাকুৰ, বিনয় শর্মা আৰু মুকেশ সিঙক ফাঁচিকাঠত ওলমোৱাৰ নির্দেশ দিছে পাতিয়ালা হাউছ কোৰ্টে। তাৰ প্রস্তুতি হিচাবেই দেওবাৰে তিহাৰ জে’লত ফাঁচিৰ আখৰা কৰা হয়। অপৰাধী ৪জনৰ ওজন অনুসাৰে ইটা-শিলভর্তি বস্তা ওলোমাই ফাঁচিকাঠ পৰীক্ষা কৰি চায় জে’ল কর্তৃপক্ষই।
উল্লেখ্য যে অহা ২২ জানুৱাৰীত পৃথিবীৰ বৃহত্তম কাৰাগাৰ তিহাৰৰ ৩ নম্বৰ জে’লত, য’ত এই চাৰিজনক ফাঁচিকাঠত ওলমোৱাৰ কথা, তাতেই আখৰা কৰা হয় বুলি জনা গৈছে৷ ইয়াৰ পূৰ্বে ২০১৩ চনত সংসদ ভৱন আক্ৰমণত দোষী সাব্যস্ত আফজল গুৰুকো এই ৩ নম্বৰ জে’লতেই ফাঁচিকাঠত ওলমোৱা হৈছিল৷ অৱশ্যে এইবাৰ চাৰিজনক একেলগে ফাঁচি দিয়া হ’ব তাত, যিটো আগতেও কেতিয়াও ঘটা নাছিল।













