ASSAM TIMES POST
নিউজ ডেস্ক
প্ৰতিবাদকাৰীক গুলীয়াই মাৰাৰ কথা কৈ এইবাৰ দলৰ ভিতৰতেই সমালোচিত হ’বলগা হৈছে পশ্চিমবংগ বিজেপিৰ সভাপতি দিলীপ ঘোষ৷ প্রকাশ্যেই তেওঁৰ সমালোচনাত মুখ খুলিছে কেন্দ্রীয় মন্ত্রী বাবুল সুপ্ৰিয়ই৷ তেওঁ কয় যে দায়িত্বজ্ঞানহীনৰ দৰে মন্তব্য কৰিছে দিলীপ ঘোষে। তেওঁৰ এই মন্তব্যৰ সৈতে দলৰ কোনো সংযোগ নাই। অৱশ্যে পশ্চিমবংগ ৰাজ্যিক বিজেপিৰ নেতৃত্বই দিলীপ ঘোষৰ মন্তব্যত আপত্তি কোনো কাৰণ দেখা নাই। দলৰ অন্যতম সাধাৰণ সম্পাদক চায়ন্তন বসুৱে কয় যে দিলীপ ঘোষে যি কৈছে তাত আপত্তি কৰিবলগীয়া একো নাই।
উল্লেখ্য যে সোমবাৰে পুৱা দিলীপ ঘোষৰ মন্তব্য প্রসঙ্গত টুইট কৰে বাবুল সুপ্ৰিয়ই। তাত তেওঁ লিখে, ‘‘দিলীপ ঘোষৰ মন্তব্যৰ সৈতে দলৰ কোনো সংযোগ নাই। তেওঁ যি কৈছে সেয়া সম্পূৰ্ণ কাল্পনিক। যিমান ডাঙৰ কাৰণেই নহওক কিয়, উত্তৰ প্রদেশ, অসমত বিজেপি চৰকাৰে কেতিয়াও মানুহক লক্ষ্য কৰি গুলী চলোৱা নাই। দিলীপদাই দায়িত্বজ্ঞানহীনৰ দৰে মন্তব্য কৰিছে।’’
বিজেপিৰ পশ্চিমবংগ নেতৃত্বই অৱশ্যে দিলীপ ঘোষৰ পক্ষ লৈছে। পশ্চিমবংগ বিজেপিৰ অন্যতম সাধাৰণ সম্পাদক চায়ন্তন বসুৱে কয়, ‘‘ভৱিষ্যতে আমি ক্ষমতালৈ আহিলে কি হ’ব সেইটো ভৱিষ্যতে ক’ম৷ সেয়ে তাকে লৈ এতিয়া ভবাৰ দৰকাৰ নাই।”
চায়ন্তনে আৰু কয়, ‘‘দিলীপ ঘোষে যি কৈছে, সেয়া দিলীপ ঘোষৰ কল্পনা বুলি যদি কোনোবাই ভাবে, তেতিয়াহ’লে আপত্তি কৰাৰ একো নাই৷ সেয়েহে দিলীপ ঘোষে যি কৈছে, তাক লৈও আপত্তি কৰাৰ কোনো কাৰণ নাই।”
উল্লেখ্য যে দেওবাৰে ৰাণাঘাটত সংশোধিত নাগৰিকত্ব আইনৰ সমর্থনত প্রচাৰলৈ গৈ এই বিতর্কিত মন্তব্য কৰিছিল দিলীপ ঘোষে। তেওঁ কৈছিল, ‘‘নাগৰিকত্ব আইনবিৰোধী আন্দোলনত পাঁচশ-ছশ কোটি টকাৰ চৰকাৰী সম্পত্তিৰ ক্ষতি কৰা হৈছে। অসম, কৰ্ণাটক, উত্তৰ প্রদেশত দুষ্কৃতিকাৰীক গুলী কৰা হৈছে। তেওঁলোকক জে’লত ভৰোৱা হৈছে। এই ৰাজ্যত কাকো গ্রেপ্তাৰ পর্যন্ত কৰা হোৱা নাই।’’ ইয়াৰ পিছতেই ৰাজ্যখনৰ আন্দোলনকাৰীসকলক এক প্ৰকাৰ ধমক দি তেওঁ কয়, ‘‘ইয়ালৈ আহিব, থাকিব, খাব আৰু সম্পত্তিৰ ক্ষতি কৰিব! আমি শাসনলৈ আহিলে লাঠিৰে কোবাম, গুলী কৰিম, জে’ললৈ পঠাম।’’













