ASSAM TIMES POST
স্প’ৰ্টছ ডেস্ক
চলিত বছৰতেই অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ৷ তাৰ প্ৰস্তুতিৰ অংশ হিচাপেই নিউজীলেণ্ডত ৫খন মেচৰ টি-২০ শৃংখলাত অংশগ্ৰহণ কৰিব ভাৰতীয় ক্ৰিকেট দলে৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে টীম ইণ্ডিয়াই এই ফৰ্মেটত ৫খনীয়া মেচৰ শৃংখলা খেলা নাই৷ কিৱি বাহিনীৰ বিৰুদ্ধে নিউজীলেণ্ডত অনুষ্ঠিত হ’বলগীয়া এই শৃংখলাৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰা হয় দেওবাৰে৷ তলত নিৰ্বাচিত দলটোৰ সদস্যসকলৰ বিষয়ে উল্লেখ কৰা হ’ল৷
বিৰাট কোহলি (অধিনায়ক) : মুঠ মেচ ৭৮৷ ৫২.৭২ গড়ে মুঠ ৰাণ ২৬৮৯৷ ষ্ট্ৰাইক ৰেট ১৩৮.৫৩৷ ২৪টা অৰ্ধ শতক৷
ৰোহিত শৰ্মা : মুঠ মেচ ১০৪৷ ৩২.১০ গড়ে মুঠ ৰাণ ২৬৩৩৷ শতক ৪টা আৰু অৰ্ধ শতক ১৯টা৷ ষ্ট্ৰাইক ৰেট ১৩৮.২১৷
লোকেশ ৰাহুল : মুঠ মেচ ৩৭৷ ৪৮.১৭ গড়ে মুঠ ৰাণ ১২৩৭৷ দুটা শতক আৰু ৯টা অৰ্ধ শতক৷
শিখৰ ধৱন : মুঠ মেচ ৬১৷ ২৮.৩৫ গড়ে মুঠ ৰাণ ১৫৮৮৷ ১০টা অৰ্ধ শতক৷
শ্ৰেয়াছ আয়াৰ : মুঠ মেচ ১৭৷ ২২ গড়ে মুঠ ৰাণ ২৬৪৷ অৰ্ধ শতক এটা৷ ষ্ট্ৰাইক ৰেট ১২৮.১৫৷
মনীষ পাণ্ডে : মুঠ মেচ ৩৩৷ ৪১.২০ গড়ে মুঠ ৰাণ ৬১৮৷ দুটা অৰ্ধ শতক৷ ষ্ট্ৰাইক ৰেট ১২৪.৫৯৷
ঋষভ পণ্ট : মুঠ মেচ ২৮খন৷ গড়ে ২০.৫০ মুঠ ৰাণ ৪১০৷ ষ্ট্ৰাইক ৰেট ১২১.৬৬৷
ৰবীন্দ্ৰ জাদেজা : মুঠ মেচ ৪৬৷ ৩১.২২ গড়ে ৩৫টা উইকেট৷ ইকনমী ৰেট ৭.১৮৷ ষ্ট্ৰাইক ৰেট ২৬৷
যশপ্ৰীত বুমৰাহ : মুঠ মেচ ৪৫৷ ২০.১১ গড়ে মুঠ উইকেট ৫৩৷ ইকনমী ৰেট ৬.৬৯৷
যজুবেন্দ্ৰ চহল : মুঠ মেচ ৩৯৷ ২২.৫৩ গড়ে ৫২টা উইকেট৷ ইকনমী ৰেট ৮.১৬৷
কুলদ্বীপ যাদৱ : মুঠ মেচ ২১৷ ১৩.৭৬ গড়ে মুঠ উইকেট ৩৯৷ ইকনমী ৰেট ৭.১১৷
নৱদ্বীপ ছাইনী : মুঠ মেচ ৮৷ মুঠ উইকেট ১১৷
শাৰ্দুল ঠাকুৰ : মুঠ মেচ ১০, মুঠ উইকেট ১৩৷
ৱাশ্বিংটন সুন্দৰ : মুঠ মেচ ২১৷ মুঠ উইকেট ১৮৷
শিৱম ডুবে : মুঠ মেচ ৮৷ ৩২ গড়ে মুঠ ৰাণ ৬৪৷
মহম্মদ ছামী : মুঠ মেচ ৮৷ ২৭.৫ গড়ে মুঠ উইকেট ১০৷













